অসম লাইভ২৪ঃ অসমৰ মানুহে কুকুৰ খাই। মহাৰাষ্ট্ৰৰ বিধায়কে অসমবাসীক লৈ কৰা মন্তব্যক লৈ আপত্তি দৰ্শাইছিল বহুজনেই। শেহতীয়াভাৱে এই বিষয়টোক লৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ লিখিত পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্ছু কাড্ডুৰ বিৰুদ্ধে পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।
মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্ছু কাড্ডুৱে মহাৰাষ্ট্ৰৰ বিধানসভাৰ এক ভাষণত কৈছিল যে অসমীয়া মানুহে কুকুৰ খায়। বিধায়কৰ এই মন্তব্য শুনি বিধানসভাতেই বিৰোধীয়ে প্ৰতিবাদো সাব্যস্ত কৰিছিল। তাৰপিছতেই কালিৰ দিনটোত মুখ্যমন্ত্ৰী শৰ্মাই এই মন্তব্যৰ বিৰোধীতা কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেলৈ পত্ৰ প্ৰেৰণ কৰে।
উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ এই পত্ৰৰ পাছতেই বাচ্ছু কাডুৱে এই মন্তব্যৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ