অসম লাইভ২৪ঃ দুমাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানীৰ সংস্থাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছিল হিণ্ডেনবাৰ্গ নামৰ গৱেষক সংস্থাটোৱে। বৃহস্পতিবাৰে পুনৰ জনপ্ৰিয় সংস্থাটোৱে টুইটাৰত দিছে বিশেষ পোষ্ট, ‘আৰু এটা ডাঙৰ ৰিপৰ্ট অচিৰেই প্ৰকাশ কৰিম।’ হিণ্ডেনবাৰ্গৰ এই ৰিপৰ্ট দেখা মাত্ৰকেই চৰ্চা, আকৌ আদানীয়েই টাৰ্গেট নেকি হিণ্ডেনবাৰ্গৰ? নে অইন কোনো উদ্যোগপতি এইবাৰ টাৰ্গেট হিণ্ডেনবাৰ্গৰ?
বিগত ২৪ জানুৱাৰীত আদানী গোষ্ঠীৰ দুৰ্নীতিৰ প্ৰতিবেদন দাঙি ধৰিছিল হিণ্ডেনবাৰ্গে। তাত স্পষ্টকৈ উল্লেখ কৰিছিল যে এক দশক ধৰি আদানী গোষ্ঠীয়ে তেওঁলোকৰ প্ৰত্যেকটো কোম্পানীতেই শ্বেয়াৰৰ দাম কৃত্ৰিমভাৱে বঢ়াই আছিল। হিণ্ডেনবাৰ্গৰ ৰিপৰ্ট প্ৰকাশ হোৱাৰ পাছৰে পৰাই শ্বেয়াৰ বজাৰত পতন আৰম্ভ হৈছিল গৌতম আদানীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ