অসম লাইভ২৪ঃ শৰীৰ সুস্থ ৰাখিবলৈ হিমগ্লবিনৰ পৰিমান ঠিকে ৰখাটো অতি জৰুৰী। শৰীৰত হিমগ্লবিনৰ পৰিমান কমি গ’লে বহু সমস্যাই দেখা দিয়ে। হিমগ্লবিন তেজত থকা একপ্ৰকাৰৰ প্ৰটিন। হিমগ্লবিনে শৰীৰৰ বিভিন্ন অংগলৈ অক্সিজেন কঢ়িয়াই নিয়াত সহায় কৰে। যদি কোনো ব্যক্তিৰ শৰীৰত অক্সিজেনৰ মাত্ৰা কমি যায় তেন্তে এনিমিয়াৰ দৰে ৰোগ হ’ব পাৰে। যদি এজন ব্যক্তিৰ শৰীৰত অক্সিজেনৰ মাত্ৰা কমি যায় তেন্তে মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ কিন্তু শৰীৰত কেনেকৈ হিমগ্লবিনৰ পৰিমান বৃদ্ধি কৰিব?
ডালিমৰ ৰস খাওক
শৰীৰত হিমগ্লবিনৰ পৰিমান বঢ়াবৰ বাবে ডালিমৰ ৰস খাব পাৰে৷ ডালিমত বহু পৰিমানে আয়ৰণ আৰু ভিটামিন চি থাকে৷ সেয়ে ডালিমৰ ৰস খালে শৰীৰত হিমগ্লবিনৰ ঘাটি দূৰ হয়৷ ইয়াৰোপৰি শৰীৰত অক্সিজেনৰ সৰবৰাহ সুচাৰুৰূপে হোৱাত সহায়ক হয়৷
বীট খাদ্যৰ তালিকাত ৰাখিব পাৰে
শৰীৰত হিমগ্লবিনৰ ঘাটি দূৰ কৰিবলৈ বীট খাদ্যৰ তালিকাত ৰাখিব পাৰে৷ ঠাণ্ডাৰ দিনত এজন ব্যক্তিৰ শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গ’লে এই ঘাটি দূৰ
পালেং শাক
শৰীৰত হিমগ্লবিনৰ পৰিমান কমি গ’লে পালেং শাক নিয়মিত খাদ্যৰ তালিকাত ৰাখিব পাৰে৷ ঠাণ্ডাৰ দিনত পালেং শাক প্ৰচুৰ পৰিমানে পোৱা যায়৷ পালেং শাকতো প্ৰচুৰ পৰিমানে আয়ৰণ, ভিটামিন চি, ভিটামিন এ প্ৰচুৰ পৰিমানে থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ