• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভগৎ সিঙৰ জীৱনৰ শেষৰ ১২ ঘণ্টা, কাৰাগাৰত সেইদিনা ভগৎ সিঙৰ সৈতে কি কি ঘটিছিল?

ভগৎ সিঙৰ জীৱনৰ শেষৰ ১২ ঘণ্টা, কাৰাগাৰত সেইদিনা ভগৎ সিঙৰ সৈতে কি কি ঘটিছিল?

3 years ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

11 minutes ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

30 minutes ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

2 hours ago
চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

3 hours ago
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

3 hours ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

4 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

5 hours ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

6 hours ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

7 hours ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

9 hours ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

10 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভগৎ সিঙৰ জীৱনৰ শেষৰ ১২ ঘণ্টা, কাৰাগাৰত সেইদিনা ভগৎ সিঙৰ সৈতে কি কি ঘটিছিল?

editor by editor
March 23, 2023
in ভাৰত, লেখা
0
ভগৎ সিঙৰ জীৱনৰ শেষৰ ১২ ঘণ্টা, কাৰাগাৰত সেইদিনা ভগৎ সিঙৰ সৈতে কি কি ঘটিছিল?
0
SHARES
29.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
লাহোৰ চেন্ট্ৰেল কাৰাগাৰত ২৩ মাৰ্চ ১৯৩১ ৰ পুৱাটো অন্য দিনাৰ দৰেই আৰম্ভ হৈছিল৷ পাৰ্থক্য কেৱল এটাই আছিল, সেইদিনা পুৱা এজাক ধুমুহা আহিছিল৷ কাৰাগাৰৰ প্ৰত্যেকজন কয়দীৰ মাজতেই হঠাৎ এক চেঁপা উত্তেজনাইয়ো বিৰাজ কৰে কিয়নো পুৱাবেলা কাহানিও নহা ৱাৰ্ডেন সেইদিনা পুৱা ৭ বজাতেই কাৰাগাৰলৈ আহিছিল৷ ৱাৰ্ডেন চৰণ সিঙে সকলো কয়দীকেই উপদেশ দিছিল, ‘সকলো নিজৰ নিজৰ কোঠালৈ যাওক৷’ সকলোৱেই তেওঁৰ কথা ৰাখি নিজা নিজা কোঠালৈ যাত্ৰা কৰিছিল যদিও মনত আছিল কেইবাটাও প্ৰশ্ন৷ সুধিব কেনেকৈ, কয়দীৰ প্ৰশ্ন কৰাৰ অধিকাৰ তেতিয়া মুঠেও নাছিল৷ একাংশ কয়দীয়ে কেনেবালৈ গম পাইছিল, গুজৱ হৈ বিয়পিছিল এটা কথা, সেই নিশাই বন্দী ভগৎ সিঙক ফাঁচি দিয়া হ’ব৷ কেৱল ভগৎ সিঙেই নহয় ৰাজগুৰু আৰু সুখদেৱকো ফাঁচীকাঠত উঠোৱা হ’ব৷

ভগৎ সিঙৰ ফাঁচীৰ সময়ত অন্য কয়দীয়ে কৰিছিল এই কাম

একাংশই আকৌ ফাঁচীৰ কথা শুনিয়েই ভগৎ সিঙৰ সামগ্ৰীসমূহ এপদ এপদকৈ সাঁচি ৰখাৰ কথাহে চিন্তা কৰিছিল৷ কাৰণ অন্য একো নাই৷ ভগৎ সিঙৰ দৰে এজন নেতাৰ সামগ্ৰী থাকিলে পাছলৈ পৰিয়ালৰ লোকক ক’ব পাৰিব যে আমি একেলগে ভগৎ সিঙৰ সৈতে কাৰাগাৰত আছিলো৷ চিন্তা কৰামতেই একাংশ কয়দীয়ে ভগৎ সিঙৰ কোঠালিলৈ গৈ তাৰপৰা তেওঁ ব্যৱহাৰ কৰা কলম আৰু ফণীখন উলিয়াই আনে৷ লগে লগেই কয়দীৰ মাজত আৰম্ভ হয় তৰ্কযুদ্ধৰ৷ তৰ্কযুদ্ধৰ শেষত এক প্ৰতিযোগিতাৰ মাজেৰে বিজয়ী কয়দীয়ে লাভ কৰে সেই সামগ্ৰী কেইবিধ৷

লাহোৰ ষড়যন্ত্ৰৰ গোচৰতেই ফাঁচীকাঠত তোলা হৈছিল ভগৎ সিঙক

সেই সময় আহিল৷ ভগৎ সিঙৰ লগতে সুখদেৱ আৰু ৰাজগুৰুকো ফাঁচীকাঠত তুলিবৰ বাবে ওলিয়াই নিছে আৰক্ষীয়ে৷ অহা যোৱাৰ পথত অন্য কয়দীয়ে বাধা দিয়া স্বত্ত্বেও আহি ভীৰ কৰিলেহি৷ সেইদিনা কিন্তু কোনেও একো প্ৰতিবাদ কৰিবলৈ সাহস নকৰিলে৷ ইয়াৰ পূৰ্বেও এবাৰ এইদৰেই ভগৎ সিঙক ওলিয়াই নিওতে কয়দী তথা পাঞ্জাৱ কংগ্ৰেছৰ নেতা ভীমসেন চট্টৰে সুধিছিল, ‘আপুনি আৰু আপোনাৰ সতীৰ্থসকলে লাহোৰ ষড়যন্ত্ৰ নকৰাৰ প্ৰমাণ দিবলৈ কিয় যত্ন কৰা নাই?’ প্ৰশ্নটোৰ উত্তৰত ভগৎ সিঙে সেইদিনা কৈছিল, ‘কমৰেডসকলৰ এই যুঁজত সদায়ে মৃত্যু লিখা থাকেই৷ কিয়নো এটা মৃত্যুৱেই সংগ্ৰামক শক্তিশালী কৰে৷ আদালতৰ আপীলত সংগ্ৰাম শক্তিশালী হ’ব নোৱাৰে৷’

ভগৎ সিঙৰ চিন্তাই সেইদিনাই আৰু এজন নেতাৰ জন্ম দিছিল৷ তেওঁ আছিল কাৰাগাৰৰক্ষী চৰণ সিঙ৷ ব্ৰিটিছ বাহিনীৰ হৈ কাম কৰিলেও চৰণ সিঙ হৈ পৰিছিল ভগৎ সিঙৰ অনুৰাগী৷ চৰণ সিঙৰ বাবেই মৃত্যুৰ পাছত ভগৎ সিঙে কাৰাগাৰত লিখা সকলো গ্ৰন্থ কাৰাগাৰৰ বাহিৰলৈ আহে৷ লাহোৰৰ দ্বাৰকাদাস পুথিভঁৰালত সকলো সংৰক্ষণৰ ব্যৱস্থাও হৈ যায়৷ চৰণ সিঙ অবিহনে কাৰাগাৰৰ পৰা সেই গ্ৰন্থ হয়তো কাহানিও বাহিৰলৈ নাহিল হেতেন৷

কাৰাগাৰৰ কঠিন সময়
ভগত সিঙৰ অন্যতম এটা চখ আছিল কিতাপ পঢ়া। তেওঁৰ বাল্যকালৰ বন্ধু জয়দেৱ কাপুৰৰ পৰা ভগৎ সিঙে সংগ্ৰহ কৰিছিল কেইখনমান বিশেষ গ্ৰন্থ। সেই গ্ৰন্থ কেইখনৰ ভিতৰত আছিল, ‘মিলিট্ৰিজিম’, ‘লেফ্ট বিং কমিউনিজিম’, ‘দৌ স্পাই’ ইত্যাদি। কাৰাগাৰৰ কুঠৰিত কিতাপ পঢ়াৰ পৰিবেশ তেতিয়া একেবাৰেই নাছিল। কিয়নো ভগৎ সিং থকা ৫ ফুট বহল কোঠালিটোৰ ভিতৰত প্ৰায় ১০ ইন্সি ওখকৈ ঘাঁহ গজি উঠিছিল। ভগৎ সিঙৰ ফাঁচিৰ প্ৰায় ২ ঘণ্টা পূৰ্বে তেওঁৰ অধিবক্তা প্ৰাণ নাথ মেহতাক লগ কৰিবলৈ দিয়া হৈছিল। তেওঁৰ ফাঁচীৰ পাছতেই অধিবক্তা প্ৰাণ নাথে লিখিছিল, ‘ভগৎ সিঙে তেওঁৰ ৫ ফুটৰ বিশেষ কোঠালিটোত পিঞ্জৰাবদ্ধ বাঘৰ দৰেই আচৰণ কৰা হৈছিল।’

তিনিজন বিপ্লৱীৰ ফাঁচি

কাৰাগাৰ কৰ্তৃপক্ষই তিনিজন বিপ্লৱীক অৰ্থাৎ ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক কৈছিল যে তেওঁলোকক নিৰ্ধাৰিত সময়ৰ ১২ ঘণ্টা পূৰ্বেই ফাঁচি দিয়া হ’ব। পিছদিনা পুৱা ৬ বজাৰ সলনি তেওঁলোকক সেইদিনা সন্ধিয়া ৭ বজাতেই ফাঁচী দিয়া হ’ব। ফাঁচীৰ কথা শুনা মাত্ৰকেই অন্য কোনো কথা সোধাৰ সলনি কৈছিল, ‘মই কিতাপ এখন পঢ়ি আছো, সেইখন পঢ়ি শেষ কৰিবলৈ অকণ সময় পালে ভাল আছিল।’ ইয়াৰোপৰি সেইদিনা ভগৎ সিঙে সন্ধিয়াৰ ভাগত এগৰাকী কাৰাৰক্ষীক তেওঁৰ ঘৰৰ পৰা খাদ্য আনি দিবলৈ অনুৰোধ কৰিছিল।

স্বাধীনতাৰ গীত
ফাঁচীৰ বাবে তিনি বিপ্লৱীক বাহিৰলৈ উলিওৱা হয়। তিনিওৱেই উলাই যোৱাৰ সময়ত গুনগুনাই গৈছিল স্বাধীনতাৰ গীত। তেওঁলোকে গাইছিল, ‘কেতিয়াবাতো সেই দিন আহিব! যিদিনা আমি মুক্তি পাম। এই ভূমি কেৱল আমাৰেই হ’ব। এই আকাশ কেৱল আমাৰ হ’ব।’ তিনিওজন কয়দীকেই এজন এজনকৈ ওজন জুখি সোধা হৈছিল এটাকৈ প্রশ্ন। তেওঁলোক শেষ ইচ্ছা কি সুধিছিল আৰক্ষীয়ে। একেমুখেই তিনিওজনেই কৈছিল, ‘এই দেশক স্বাধীন দেখাটোৱেই আমাৰ শেষ ইচ্ছা৷’

ফাঁচীৰ পূৰ্বে ঈশ্বৰক চিন্তি  প্ৰাৰ্থনা কৰিছিলনে? 
ভগত সিঙে ফাঁচীৰ পূৰ্বে ঈশ্বৰৰ নাম ল’বলৈ কোৱা সন্দৰ্ভত কয়, ‘গোটেই জীৱন মই কেতিয়াও ঈশ্বৰক মনত পেলোৱা নাই৷ কিন্তু ইয়াৰ পৰিবৰ্তে মই যেতিয়াই মন গৈছে তেতিয়াই দুখীয়া দৰিদ্ৰসকলৰ দুখ-কষ্ট দূৰ কৰিব নোৱাৰা ঈশ্বৰক অভিশাপ দিছো৷ যদি এতিয়া মই জীৱনত কৰা কামসমূহৰ বাবে ঈশ্বৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰো তেন্তে মোতকৈ ডাঙৰ কাপুৰুষ আৰু ক’তো নাই৷ তেনেতেই কাৰাগাৰৰ ঘড়ীয়ে ৬ বজাৰ এলাৰ্ম দিয়ে৷ আৰক্ষীৰ বুটৰ শব্দও ভগৎ সিঙৰ কাণত পৰিল৷ চাবলৈ তেতিয়ালৈ তেওঁলোকৰ চকু বান্ধি দিয়া হৈছিল৷ ভগৎ সিঙৰ লগতে তিনি সতীৰ্থৰ ডিঙিত সোমোৱাই দিয়া হ’ল ফাঁচীৰ ৰছী৷ ডিঙিত ৰছী লৈ কেৱল এটা কথাই কৈ গ’ল ভগৎ সিঙে, ‘ইনক্লাৱ জিন্দাবাদ, হিন্দুস্তান আজাদ ৰহে’৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো
বিনোদন

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

June 19, 2026
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!
বাণিজ্য

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

June 19, 2026
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

June 19, 2026
চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!
বিনোদন

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

June 19, 2026
Next Post
আগন্তুক দুটা পৰীক্ষাক লৈ কঠোৰ SEBA, দিলে এইকেইটা বিশেষ নিৰ্দেশনা…

আগন্তুক দুটা পৰীক্ষাক লৈ কঠোৰ SEBA, দিলে এইকেইটা বিশেষ নিৰ্দেশনা...

তৃতীয়বাৰৰ বাবে পিতৃ হ’ল আতিফ আছলাম, নৱজাতকৰ কি নাম দিলে সংগীতশিল্পীগৰাকীয়ে?

তৃতীয়বাৰৰ বাবে পিতৃ হ’ল আতিফ আছলাম, নৱজাতকৰ কি নাম দিলে সংগীতশিল্পীগৰাকীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.