ভাৰতৰ বিস্ফোৰক অ’পেনাৰ অভিষেক শৰ্মাক বান্ধি ৰখাটো বিপক্ষৰ বলাৰৰ বাবে যথেষ্ট কঠিন। সেইবাবেই T20ত অভিষেক শৰ্মা নম্বৰ ৱান বেটাৰ। আক্ৰমণাত্মক বেটিঙৰ বাবে পৰিচিত অভিষেকে অতি কম সময়ৰ ভিতৰতে খেলৰ গতি সলনি কৰিব পাৰে। অৱশ্যে এই আক্ৰমণাত্মক শৈলীৰ বাবেই কেতিয়াবা তেওঁ সোনকালেই উইকেট হেৰুৱাবলগীয়াও হয়। জাপানৰ বিৰুদ্ধে খেলা একমাত্ৰ টি-২০ মেচখনতো তেনে ঘটনাই ঘটিল। জাপানৰ বাঁওহাতীয়া স্পিনাৰ চাৰ্লি হিঞ্জেৰ বলত এটা সাধাৰণ শ্বট খেলিবলৈ গৈ অভিষেক শৰ্মা কোনো ৰান নকৰাকৈয়ে আউট হয়। অভিষেকৰ উইকেট দখল কৰি চাৰ্লিয়ে স্বাভাৱিকতেই চৰ্চা লাভ কৰিছে।
অভিষেক শৰ্মাক শূন্য ৰানত আউট কৰাটো চাৰ্লি হিঞ্জেৰ বাবে বিশেষ কৃতিত্ব। মাত্ৰ ১৭ বছৰ বয়সতে তেওঁ জাপান ক্ৰিকেট দলৰ অন্যতম উদীয়মান প্ৰতিভা হিচাপে পৰিচিত হৈছে। চাৰ্লিয়ে অতি কম বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰিছিল। মাত্ৰ ১৫ বছৰ বয়সতে জাপানৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ লাভ কৰিছিল চাৰ্লিয়ে। এতিয়া ভাৰতৰ দৰে শক্তিশালী দলৰ এগৰাকী তাৰকা বেটাৰ অভিষেক শৰ্মাৰ উইকেট দখল কৰি তেওঁ পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
জাপানত ক্ৰিকেটে এতিয়াও জনপ্ৰিয়তা লাভ কৰা নাই। দেশখনৰ বহু ক্ৰিকেটাৰে ক্ৰিকেটৰ সমান্তৰালভাৱে আন কামক উপাৰ্জনৰ পথ হিচাপে নিৰ্বাচন কৰিবলগীয়া হয়। চাৰ্লি হিঞ্জেও এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। ২০০৮ চনত জন্মগ্ৰহণ কৰা চাৰ্লিয়ে ক্ৰিকেট খেলাৰ লগতে এখন দোকানত কাম কৰে। দোকানখনত তেওঁ ঝাড়ু দিয়া, দোকানৰ মজিয়া মচাৰ লগতে বিভিন্ন ধৰণৰ কাম কৰে। ক্ৰিকেটৰ বাবে তেওঁ কামৰ পৰাও ছুটী ল’বলগীয়া হয়। অৰ্থাৎ, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ মঞ্চত বলিং কৰাৰ লগতে জীৱন নিৰ্বাহৰ বাবেও তেওঁ কঠোৰ পৰিশ্ৰম কৰি আহিছে।
চাৰ্লি হিঞ্জে এতিয়ালৈকে জাপানৰ হৈ ৩৯খন টি-২০ মেচ খেলিছে। এই মেচসমূহত তেওঁ মুঠ ৪৯টা উইকেট দখল কৰিছে। তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন হৈছে মাত্ৰ ৬ ৰান দি ৫টা উইকেট দখল কৰা। তেওঁৰ টি-২০ কেৰিয়াৰৰ ইকনমি ৰেটো যথেষ্ট ভাল—প্ৰতি অভাৰত প্ৰায় ৫.০২ ৰান। বাওঁহাতীয়া স্পিনেৰে বিপক্ষৰ বেটাৰক সমস্যাত পেলাব পৰা চাৰ্লি জাপানৰ ক্ৰিকেটৰ ভৱিষ্যতৰ অন্যতম আশাব্যঞ্জক প্ৰতিভা হিচাপে পৰিগণিত হৈছে।
ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত চাৰ্লি হিঞ্জে জাপানৰ হৈ সফল বলাৰৰ ভূমিকা পালন কৰে। তেওঁ মাত্ৰ দুটা অভাৰ বলিং কৰি ১৭ ৰানৰ বিনিময়ত দুটা উইকেট দখল কৰে। ইয়াৰে এটা আছিল সাম্প্ৰতিক সময়ৰ নম্বৰ ৱান T20 বেটাৰ অভিষেক শৰ্মাৰ উইকেট। ইয়াৰ উপৰি ভাৰতীয় অধিনায়ক শ্ৰেয়াছ আয়াৰকো আউট কৰে চাৰ্লিয়ে। এনেদৰে মাত্ৰ ১৭ বছৰ বয়সতে ভাৰতৰ দুগৰাকীকৈ গুৰুত্বপূৰ্ণ বেটাৰৰ উইকেট দখল কৰি চাৰ্লি হিঞ্জে নিজৰ প্ৰতিভাৰ পৰিচয় দিছে। ক্ৰিকেটৰ লগতে দোকানত কাম কৰি জীৱন নিৰ্বাহ কৰা এই কিশোৰ বলাৰৰ কাহিনীও এতিয়া ক্ৰিকেটপ্ৰেমীৰ মাজত বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















