উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাৰ শ্বাহপুৰা কোঠীৰ চিলড্ৰেন একাডেমী স্কুলত সোমবাৰে সংঘটিত হোৱা গু*লীচালনাৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটোত নিশাত ফাতিমা নামৰ এগৰাকী শিক্ষয়িত্ৰী নি*হত হোৱাৰ লগতে অভিযুক্ত চৌদ আনছাৰীয়েও পিছত নিজকে গু*লীয়াই আত্মহ*ত্যা কৰে। এই ঘটনাৰ আঁৰত থকা অতীতৰ কাহিনীও যথেষ্ট মৰ্মান্তিক। জানিব পৰা মতে, নিশাত ফাতিমা আৰু চৌদ আনছাৰীয়ে সেই চিলড্ৰেন একাডেমীতেই ছাত্ৰ-ছাত্ৰী হিচাপে শৈশৱ কটাইছিল, যত এই কৰুণ ঘটনাটো সংঘটিত হয়।
পৰিয়াল আৰু স্থানীয় লোকৰ পৰা লাভ কৰা তথ্য অনুসৰি, নিশাত ফাতিমাৰ পৰিয়াল মূলতঃ চুলতানপুৰ জিলাৰ বাসিন্দা। প্ৰায় ১০ বছৰ পূৰ্বে সন্তানৰ উন্নত শিক্ষা আৰু ভাল কৰ্মসংস্থাপনৰ আশাত নিশাত ফাতিমাৰ পৰিয়ালটো লখিমপুৰ খেৰীলৈ আহি বসতি স্থাপন কৰে। লখিমপুৰলৈ অহাৰ পিছত নিশাতৰ পৰিয়ালে নৌৰাংগাবাদ অঞ্চলত চৌদ আনছাৰীৰ পৰিয়ালৰ এটা ঘৰ ভাড়ালৈ লয়। একেটা ঘৰত বাস কৰাৰ ফলত দুয়োটা পৰিয়ালৰ মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠে।
নিশাত ফাতিমা আৰু চৌদ আনছাৰীয়ে শৈশৱত শ্বাহপুৰা কোঠীৰ চিলড্ৰেন একাডেমী স্কুলত পঢ়িছিল। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকৰ মতে, দুয়োজনে সেই সূত্ৰে ইজনে সিজনক ভালকৈ চিনি পাইছিল। সময়ৰ লগে লগে নিশাতে উচ্চ শিক্ষা গ্ৰহণ কৰি শিক্ষকতাক নিজৰ পেছা হিচাপে বাছি লয়। প্ৰায় এবছৰ পূৰ্বে তেওঁ শৈশৱত পঢ়া সেই চিলড্ৰেন একাডেমী স্কুলত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে।
নিশাতৰ পৰিয়ালৰ অভিযোগ অনুসৰি, সময়ৰ লগে লগে চৌদ আনছাৰীৰ নিশাতৰ প্ৰতি একপক্ষীয় আকৰ্ষণ বৃদ্ধি পাইছিল। তেওঁ নিশাতক বিয়াৰ বাবে হেঁচা দিয়াৰ লগতে সকলো সময়তে তেওঁক অনুসৰণৰো অভিযোগো উত্থাপন হৈছে। পৰিয়ালৰ লোকে চৌদক বুজাবলৈ চেষ্টা কৰাৰ লগতে বিষয়টো চৌদ আনছাৰীৰ পৰিয়ালৰ লোককো জনোৱা হৈছিল বুলি জানিব পৰা গৈছে। কিন্তু অভিযোগ অনুসৰি, তাৰ পিছতো চৌদে নিশাতক অনুসৰণ কৰা বন্ধ কৰা নাছিল।
সোমবাৰে চৌদে অ*স্ত্ৰ লৈ চিলড্ৰেন একাডেমী স্কুলৰ চৌহদত প্ৰৱেশ কৰি নিশাত ফাতিমাক গুলীয়াই হত্যা কৰে। ঘটনাৰ পিছত চৌদ আনছাৰীয়েও নিজকে গু*লীয়াই আত্মহ*ত্যা কৰে বুলি জানিব পৰা গৈছে। শৈশৱৰ স্মৃতিৰে জড়িত এখন বিদ্যালয়ত সংঘটিত এই ঘটনাই স্থানীয় লোকৰ মাজত গভীৰ শোক আৰু আতংকৰ সৃষ্টি কৰিছে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















