গুজৰাটৰ ডাইমণ্ড চিটি হিচাপে পৰিচিত চুৰাটত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ তদন্তত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ অভিযোগ অনুসৰি, মাত্ৰ ১০ হাজাৰ টকা বাকী থকা দৰমহা আৰু কৰ্মক্ষেত্ৰত অপমানৰ প্ৰতিশোধ ল’বলৈ এজন পুৰণি কৰ্মচাৰীয়ে চুৰটৰ বস্ত্ৰৰ এখন বজাৰত অগ্নিসংযোগ কৰিছিল। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ২৪ কোটি টকাৰ সম্পত্তিৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।
বিগত ৯ ছেপ্টেম্বৰত চুৰাটৰ সৰোলীস্থিত শ্যাম চাংগিনী বস্ত্ৰ বজাৰত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ৪ জন বস্ত্ৰ ব্যৱসায়ীৰ ১৭খন দোকানত মজুত থকা বস্ত্ৰ আৰু অন্যান্য সামগ্ৰী সম্পূৰ্ণৰূপে নষ্ট হয়। বজাৰৰ এগৰাকী ব্যৱসায়ী হনুমান প্ৰসাদ জাৱাৰে তেওঁৰ প্ৰায় ৬ কোটি টকাৰ লোকচান হোৱা বুলি দাবী কৰিছে। এই ঘটনাৰ প্ৰায় দুসপ্তাহৰ পাছত চুৰাট নগৰ আৰক্ষীয়ে অগ্নিকাণ্ডৰ আঁৰৰ কাৰণ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মহাৰাষ্ট্ৰৰ ধূলে জিলাৰ বাসিন্দা ৩৩ বছৰীয়া বিনোদ চাওলেক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ তথ্য অনুসৰি, বিনোদ চাওলে ২০২৬ চনৰ এপ্ৰিল মাহৰ পৰা হনুমান প্ৰসাদ জাৱাৰৰ দোকানত একাউণ্টেণ্ট হিচাপে কাম কৰিছিল। তেওঁৰ মাহিলী দৰমহা আছিল ৩০ হাজাৰ টকা। অভিযোগ অনুসৰি, চাকৰি কৰি থকাৰ সময়ত জাৱাৰ আৰু আন এজন একাউণ্টেণ্টে তেওঁক বাৰে বাৰে হাৰাশাস্তি কৰিছিল আৰু তেওঁৰ কামক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এই কথাত অসন্তুষ্ট হৈ চাওলেই চাকৰি এৰি দিছিল। কিন্তু চাকৰি এৰাৰ সময়ত তেওঁৰ প্ৰায় ১০ হাজাৰ টকা দৰমহা বাকী আছিল বুলি আৰক্ষীৰ আগত দাবী কৰা হৈছে।
আৰক্ষীৰ মতে, এই বাকী দৰমহা আৰু কৰ্মক্ষেত্ৰত হোৱা অপমানৰ বাবে চাওলে ক্ষুব্ধ হৈ পৰিছিল আৰু তাৰ প্ৰতিবাদস্বৰূপে অগ্নিসংযোগৰ পৰিকল্পনা কৰিছিল বুলি তদন্তত পোহৰলৈ আহিছে। আৰক্ষীৰ অভিযোগ অনুসৰি, ৮ ছেপ্টেম্বৰত চাওলেই এটা পেট্ৰ’ল পাম্পৰ পৰা ১৫০ টকাৰ পেট্ৰ’ল ক্ৰয় কৰিছিল। পেট্ৰ’লখিনি প্লাষ্টিকৰ বেগত ভৰাই ৰখাৰ পাছত তেওঁ পৰৱৰ্তী সময়ত নিজৰ পূৰ্বৰ মালিকৰ দোকানৰ ওচৰলৈ যায়। আৰক্ষীৰ দাবী অনুসৰি, তাত দোকানৰ বাহিৰত থকা সামগ্ৰীত পেট্ৰ’ল ঢালি জুই লগাই দিয়া হৈছিল। পাছত সেই জুই দ্ৰুতগতিত বিয়পি পৰি বজাৰৰ আন দোকানসমূহতো প্ৰভাৱ পেলায়।
চুৰাটৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত (অপৰাধ) ডাঃ কৰণৰাজ বাঘেলাই জনোৱা মতে, CCTV ফুটেজ আৰু আৰক্ষীৰ মানৱ চোৰাংচোৱা ব্যৱস্থাৰ সহায়ত তদন্তকাৰী বিষয়াই চাওলেক অগ্নিসংযোগকাৰী হিচাপে চিনাক্ত কৰে। আৰক্ষীয়ে এতিয়া ঘটনাটোৰ সৈতে জড়িত আন কোনো লোক আছে নেকি, সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















