অসম লাইভ২৪ঃ
মেট্ৰিক পৰীক্ষা সন্দৰ্ভত ছেবাই জাৰি কৰিছে কঠোৰ নিৰ্দেশনা।
বিজ্ঞান আৰু অসমীয়া পৰীক্ষা সন্দৰ্ভত এই নিৰ্দেশনা জাৰি কৰা হৈছে।
কঠোৰ বাধ্যবাধকতাৰ মাজত পতা হ’ব বিজ্ঞান আৰু অসমীয়াৰ পৰীক্ষা।
দুয়োটা পৰীক্ষাৰেই প্ৰশ্নকাকত সকলো থানালৈ প্ৰেৰণ কৰিব ছেৱাই।
প্ৰশ্নকাকতৰ টোপোলা গ্ৰহণ কৰিব থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই।
কোনো কাৰণতে থানাত প্ৰশ্নকাকত খুলিব নোৱাৰিব।
কেন্দ্ৰ তত্বাৱধায়কে CCTVৰ সন্মুখত খুলিব লাগিব প্ৰশ্নকাকত।
আনহাতে, উভতাৰ সময়ত SEBAৰ বিষয়াই আনিব লাগিব অব্যৱহৃত প্ৰশ্নকাকত।
সকলো বিদ্যালয়ৰ উপ–পৰিদৰ্শকলৈ জাননী প্ৰেৰণ কৰিছে ছেবাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ