• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃয়ে কৈছিল, ‘মোৰ দৰে নহ’বি’ অটোচালকৰ পুত্ৰ কেনেকৈ হ’ল বিশ্বৰ দ্বিতীয় বেগী বলাৰ? আঁৰৰ কাহিনী…

পিতৃয়ে কৈছিল, ‘মোৰ দৰে নহ’বি’ অটোচালকৰ পুত্ৰ কেনেকৈ হ’ল বিশ্বৰ দ্বিতীয় বেগী বলাৰ? আঁৰৰ কাহিনী…

2 months ago
গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন

গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন

10 hours ago
মঙলৰ পৰা পৃথিৱীলৈ আহিছে সাংকেতিক বাৰ্তা! ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে সংকেত? সবিশেষ…

মঙলৰ পৰা পৃথিৱীলৈ আহিছে সাংকেতিক বাৰ্তা! ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে সংকেত? সবিশেষ…

11 hours ago
পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ! জুন মাহৰ পৰা কি কি সামগ্ৰীৰ দাম বাঢ়িব?

পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ! জুন মাহৰ পৰা কি কি সামগ্ৰীৰ দাম বাঢ়িব?

12 hours ago
অভিনয় ক্ষেত্ৰৰ পৰা কিয় আঁতৰি আহিল দীপিকা কক্কৰ? ভিতৰুৱা বহু কথা অৱশেষত খুলি ক’লে দীপিকাই

অভিনয় ক্ষেত্ৰৰ পৰা কিয় আঁতৰি আহিল দীপিকা কক্কৰ? ভিতৰুৱা বহু কথা অৱশেষত খুলি ক’লে দীপিকাই

14 hours ago
‘ইয়াদ আয়েঙ্গে ইয়ে পল’… এবছৰে প্ৰতিদিনেই সংগীতপ্ৰেমীয়ে সোঁৱৰিছে সংগীত শিল্পী KKক, প্ৰথম মৃত্যুবাৰ্ষিকীত সংগীতশিল্পীক সোঁৱৰণ

‘ইয়াদ আয়েঙ্গে ইয়ে পল’… এবছৰে প্ৰতিদিনেই সংগীতপ্ৰেমীয়ে সোঁৱৰিছে সংগীত শিল্পী KKক, প্ৰথম মৃত্যুবাৰ্ষিকীত সংগীতশিল্পীক সোঁৱৰণ

15 hours ago
জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?

জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?

16 hours ago
UPSC ত সফল হোৱাটো টান কাম নহয়! কেনেকৈ UPSC পৰীক্ষাত সফল হ’ব, আনন্দ মিশ্ৰই দিলে কেইবাটাও টিপছ, সবিশেষ…

UPSC ত সফল হোৱাটো টান কাম নহয়! কেনেকৈ UPSC পৰীক্ষাত সফল হ’ব, আনন্দ মিশ্ৰই দিলে কেইবাটাও টিপছ, সবিশেষ…

17 hours ago
‘সিদ্ধান্তটো অসম্ভৱ যন্ত্ৰণাদায়ক আছিল!’ দ্বিতীয় বিবাহৰ পাছতেই হঠাৎ কি হ’ল আশীষ বিদ্যাৰ্থীৰ?

‘সিদ্ধান্তটো অসম্ভৱ যন্ত্ৰণাদায়ক আছিল!’ দ্বিতীয় বিবাহৰ পাছতেই হঠাৎ কি হ’ল আশীষ বিদ্যাৰ্থীৰ?

18 hours ago
আন এক বৃহৎ গ্ৰহৰ সন্ধান ভাৰতীয় বৈজ্ঞানিকৰ দলৰ!

আন এক বৃহৎ গ্ৰহৰ সন্ধান ভাৰতীয় বৈজ্ঞানিকৰ দলৰ!

19 hours ago
আপুনি দৈনিক ১০ ঘণ্টাতকৈ অধিক টোপনি যায় নেকি? তেন্তে সতৰ্ক থাকক…

আপুনি দৈনিক ১০ ঘণ্টাতকৈ অধিক টোপনি যায় নেকি? তেন্তে সতৰ্ক থাকক…

19 hours ago
বিয়াৰ আগৰাতি অত্যাধিক সুৰাপান; তাৰ পিছত কি হ’ল চাওঁক…

বিয়াৰ আগৰাতি অত্যাধিক সুৰাপান; তাৰ পিছত কি হ’ল চাওঁক…

20 hours ago
ফাইনেলৰ প্ৰাকক্ষণ; বৰষুণ দিলে কোন হ’ব চেম্পিয়ন?

ফাইনেলৰ প্ৰাকক্ষণ; বৰষুণ দিলে কোন হ’ব চেম্পিয়ন?

2 days ago
  • About
  • Advertise
  • Careers
Thursday, June 1, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

পিতৃয়ে কৈছিল, ‘মোৰ দৰে নহ’বি’ অটোচালকৰ পুত্ৰ কেনেকৈ হ’ল বিশ্বৰ দ্বিতীয় বেগী বলাৰ? আঁৰৰ কাহিনী…

editor by editor
March 23, 2023
in Uncategorized
0
পিতৃয়ে কৈছিল, ‘মোৰ দৰে নহ’বি’ অটোচালকৰ পুত্ৰ কেনেকৈ হ’ল বিশ্বৰ দ্বিতীয় বেগী বলাৰ? আঁৰৰ কাহিনী…
0
SHARES
9.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজ বৰ্তমান ক্ৰীড়াজগতৰ লেখত ল’বলগীয়া খেলুৱৈ৷ বৰ্তমান ক্ৰিকেটৰ পৃথিৱীত তেওঁ বিশ্বৰ লেখত ল’বলগীয়া বলাৰসকলৰ মাজৰেই এজন৷ জীৱনৰ বহু ঘাত প্ৰতিঘাত অতিক্ৰম কৰি তেওঁ আজি সফলতাৰ শীৰ্ষত৷ জীৱনৰ প্ৰতিটো ক্ষণকেই এক দুসাহসিক অভিযান হিচাপে লৈয়েই আগবাঢ়িছে মহম্মদ ছিৰাজ৷ বিশ্বৰ নম্বৰ ৱান বলাৰৰ ভিতৰত এজন মহম্মদ ছিৰাজৰ এই যাত্ৰা কিন্তু মুঠেও মসৃণ নহয়৷

মহম্মদে সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে তেওঁ খুবেই দুখীয়াঘৰৰ সন্তান৷ মহম্মদ ছিৰাজৰ পিতৃ অটোৰিক্সা চালক৷ পিতৃয়েই ঘৰৰ একমাত্ৰ উপাৰ্জন কৰোতা৷ মহম্মদ ছিৰাজে সৰুৰে পৰাই বেট-বল লৈ থকা দেখিয়েই পিতৃয়ে ভাৱিছিল মহম্মদক যদি ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিব পাৰি তেন্তে কিছু সফলতা নিশ্চয় আনিব পাৰিব৷ ভৱামতেই পিতৃয়ে তেওঁৰ উপাৰ্জনৰ পৰা দৈনিক ১০০ টকাকৈ ছিৰাজৰ বাবেই সাঁচি গৈছিল৷

অটো চালকৰ সন্তান মহম্মদ ছিৰাজে কেনেকৈ ভাৰতীয় দলত স্থান পালে?

ছিৰাজে তেওঁৰ যাত্ৰাৰ কথা বৰ্ণনা কৰোতে কৈছিল, ‘দেউতাই মোৰ মাজত ভৱিষ্যতৰ এজন ক্ৰিকেটাৰ দেখা পাইছিল৷ অভাৱৰ মাজতো দেউতাই মোক উৎসাহিত কৰিছিল৷ দেউতাই সদায়েই মোৰ হাতত ১০০ টকা গুজি কৈছিল এয়া কেৱল ক্ৰিকেটাৰ হ’বৰ বাবে কি কি সামগ্ৰীৰ প্ৰয়োজন, কেনেধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজন তাৰ বাবে তুমি সাঁচি যাবা৷ এদিনতেই মই তোমাক সকলো দিব নোৱাৰো৷ সাঁচতীয়া ধনেৰে তুমি ক্ৰয় কৰি ল’বা৷ দেউতাৰ কথা মানিয়েই মই আগবাঢ়িছিলো৷ দেউতাই দিয়া সেই ১০০ টকাৰে মই বাইকত তেল ভৰাই ক্ৰিকেটৰ প্ৰশিক্ষণৰ বাবে গৈছিলো৷ তেতিয়া দেউতাই মোক এখন প্লেটিনা বাইকো যোগাৰ কৰি দিছিল৷’

প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছতেই মহম্মদ ছিৰাজে পোনতে হায়দৰাবাদৰ ঘৰুৱা ক্ৰিকেট দলত খেলিবৰ বাবে আমন্ত্ৰণ লাভ কৰে৷ ২০১৬-২০১৭ৰ ৰঞ্জি ট্ৰফিত ছিৰাজে হায়দৰাবাদ দলৰ হৈ ৪১ টা উইকেট লৈছিল৷ তাৰপিছতেই ২০১৭-২০১৮ৰ বিজয় হাজাৰে ট্ৰফিত কৰ্নাটক দলৰ হৈ ২৩ টাকৈ উইকেট লৈ বেগী বলাৰৰ খিতাপ অৰ্জন কৰে৷ ইয়াৰোপৰি প্ৰথমখন ৰঞ্জী ট্ৰফীত ৪১ টা উইকেট লৈ সকলোতৰৈ বেছি উইকেট লোৱা বলাৰৰ খিতাপো অৰ্জন কৰিছিল৷ এই দুয়োখন খেলেই ছিৰাজৰ সফলতাৰ জখলাডাল কাষ চপাই আনে৷

কঠোৰ পৰিশ্ৰমেৰেই আইপিএল খেলিবৰ বাবে আমন্ত্ৰণ লাভ কৰে

ঘৰুৱা মেছত ভাল প্ৰদৰ্শনৰ বাবেই ২০১৭ চনত আইপিএল খেলাৰ বাবে নিৰ্বাচিত হ’ল মহম্মদ ছিৰাজ৷ ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০১৭ চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে ২.৬ কোটি টকাত ক্ৰয় কৰে৷ ইয়াৰ পাছত আৰু থমকি ৰ’ব লগা হোৱা নাই ছিৰাজ৷ ২০১৮ চনত আৰ চি বি অৰ্থাৎ ৰয়েল চেলেঞ্জাৰছ বেংগলে তেওঁক ক্ৰয় কৰে৷ মহম্মদ ছিৰাজ, আইপিএল ইতিহাসৰ প্ৰথম জন বলাৰ যিয়ে এখন খেলত দুটা মেডেন অভাৰ বল কৰিছিল। ছিৰাজে কৰ’নাৰ মাজতো ২০২০চনত এই সফলতা লাভ কৰিছিল৷

বিচিচিআইৰ আমন্ত্ৰণ কেনেকৈ পালে ছিৰাজে?

আইপিএলৰ এই সফলতা দেখিয়েই বিচিচিআইয়ে মহম্মদ ছিৰাজক ভাৰতীয় দলত স্থান দিয়ে৷ ২০১৭ ত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ ত ভাৰতৰ হৈ খেলাৰ সুবিধা লাভ কৰে ছিৰাজে৷ প্ৰথমাৱস্থাত ভাৰতীয় দলত প্ৰৱেশ কৰি বিশেষ ভাল ফলাফল দেখুওৱাব পৰা নাছিল৷ কিন্তু সময়ৰ সৈতে ছিৰাজৰ খেল উন্নতৰ পৰা উন্নত হৈ গৈ থাকিল৷ বৰ্তমান ভাৰতীয় দলৰ বেগী বলাৰৰ নাম ল’লেই সকলোৱে এবাৰ ছিৰাজৰ নাম লয়৷ ভাৰতীয় দলতেই কেৱল তেওঁৰ নাম আছে তেনে নহয়, বিশ্বৰ বেগী বলাৰৰ তালিকাতো মহম্মদ ছিৰাজে পোনতে প্ৰথম স্থান দখল কৰিছিল৷ তাৰপিছতেই বৰ্তমান দ্বিতীয় স্থানত আছে ছিৰাজ৷

ছিৰাজৰ এটোপাল চকুপানীতেই কান্দি উঠিল লাখ লাখ ক্ৰিকেটপ্ৰেমী

ছিৰাজৰ সফলতাৰ দৌৰ তেতিয়া পূৰ্ণগতিত৷ কিন্তু তাৰমাজতেই হঠাতে আহিছিল এটা দুঃখবৰ৷ ২০১৯ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে থকা বিশেষ খেলখন খেলিবৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হৈছিল ছিৰাজ৷ তেনেতেই আহিছিল দুঃখবৰটো তেওঁৰ পিতৃ আৰু ইহ সংসাৰত নাই৷ ৫৩ বছৰ বয়সত পিতৃয়ে সাবটি ল’লে মৃত্যুক৷ হাঁপানি ৰোগত আক্ৰান্ত পিতৃয়ে মৃত্যুক সাবটি লোৱাৰ সময়ত পিতৃৰ কাষলৈ শেষবাৰৰ বাবেও আহিব নোৱাৰিলে ছিৰাজ৷ পিতৃক হেৰুৱাৰ দুখত ভাঙি পৰিছিল ছিৰাজ৷ চকুপানী ৰোৱা নাছিল৷ তথাপিও দেশৰ স্বাৰ্থত খেলৰ প্ৰতি থকা আনুগত্যৰ বাবে খেলপথাৰত নামিছিল ছিৰাজ৷ কিন্তু খেল চলি থকাৰ মাজতেই হঠাতেই আকৌ কান্দি উঠিল ছিৰাজ৷ খেলপথাৰত চলি থকা কেমেৰাত বন্দী হৈ ৰ’ল কান্দোনৰ দৃশ্য৷ ছিৰাজৰ কান্দোন দেখিয়েই লাখ লাখ ক্ৰিকেটপ্ৰেমীয়েও ধৰি ৰাখিব পৰা নাছিল চকুলো৷

তেলেংগানা চৰকাৰে মহম্মদক লৈ দিছে ধন্যবাদসূচক পোষ্ট

ছিৰাজে বৰ্তমানলৈ ১৮ খন টেষ্ট মেচত ৪৭ টা উইকেট দখল কৰিছে। একে সময়তে, তেওঁ ২১ খন এদিনীয়াত ৩৮ টা উইকেট দখল কৰিছে৷ আনহাতে ৮ খন টি-২০ মেচত ১১ টা উইকেট দখল কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আইনবহিৰ্ভূত পদ্ধতিৰে কাম কৰি থাকিলে আইনৰ নিয়মবোৰ পাহৰি যোৱাটোৱেই স্বাভাৱিক…’
Uncategorized

‘আইনবহিৰ্ভূত পদ্ধতিৰে কাম কৰি থাকিলে আইনৰ নিয়মবোৰ পাহৰি যোৱাটোৱেই স্বাভাৱিক…’

May 22, 2023
ৰিংকুৰ দৰে ময়ো খেলিব নোৱাৰো! ৰিংকু সিঙক প্ৰশংসা বিৰাট কোহলীৰ
Uncategorized

ৰিংকুৰ দৰে ময়ো খেলিব নোৱাৰো! ৰিংকু সিঙক প্ৰশংসা বিৰাট কোহলীৰ

April 18, 2023
সহ অভিনেত্ৰীৰ সৈতে বাৰে বাৰে পৰকীয়া প্ৰেম কৰণ সিং গ্ৰোভাৰৰ! পত্নীৰ ৰাজহুৱা চৰতহে চৰিত্ৰত সালসলনি ঘটিল বিপাশাৰ স্বামী কৰণৰ…
Uncategorized

সহ অভিনেত্ৰীৰ সৈতে বাৰে বাৰে পৰকীয়া প্ৰেম কৰণ সিং গ্ৰোভাৰৰ! পত্নীৰ ৰাজহুৱা চৰতহে চৰিত্ৰত সালসলনি ঘটিল বিপাশাৰ স্বামী কৰণৰ…

April 7, 2023
ৰঙা, বগা ফুল দেখিলেই গামোচা নাভাবিব! সুৰাৰ বটলত প্ৰকৃততে এয়া গামোচা হয়নে? সবিশেষ…
Uncategorized

ৰঙা, বগা ফুল দেখিলেই গামোচা নাভাবিব! সুৰাৰ বটলত প্ৰকৃততে এয়া গামোচা হয়নে? সবিশেষ…

April 4, 2023
Next Post
ভগৎ সিঙৰ জীৱনৰ শেষৰ ১২ ঘণ্টা, কাৰাগাৰত সেইদিনা ভগৎ সিঙৰ সৈতে কি কি ঘটিছিল?

ভগৎ সিঙৰ জীৱনৰ শেষৰ ১২ ঘণ্টা, কাৰাগাৰত সেইদিনা ভগৎ সিঙৰ সৈতে কি কি ঘটিছিল?

আগন্তুক দুটা পৰীক্ষাক লৈ কঠোৰ SEBA, দিলে এইকেইটা বিশেষ নিৰ্দেশনা…

আগন্তুক দুটা পৰীক্ষাক লৈ কঠোৰ SEBA, দিলে এইকেইটা বিশেষ নিৰ্দেশনা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.