• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃয়ে কৈছিল, ‘মোৰ দৰে নহ’বি’ অটোচালকৰ পুত্ৰ কেনেকৈ হ’ল বিশ্বৰ দ্বিতীয় বেগী বলাৰ? আঁৰৰ কাহিনী…

পিতৃয়ে কৈছিল, ‘মোৰ দৰে নহ’বি’ অটোচালকৰ পুত্ৰ কেনেকৈ হ’ল বিশ্বৰ দ্বিতীয় বেগী বলাৰ? আঁৰৰ কাহিনী…

3 years ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

4 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

5 hours ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

6 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

6 hours ago
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

6 hours ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

7 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

8 hours ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

8 hours ago
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

8 hours ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

9 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

10 hours ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

পিতৃয়ে কৈছিল, ‘মোৰ দৰে নহ’বি’ অটোচালকৰ পুত্ৰ কেনেকৈ হ’ল বিশ্বৰ দ্বিতীয় বেগী বলাৰ? আঁৰৰ কাহিনী…

editor by editor
March 23, 2023
in Uncategorized
0
পিতৃয়ে কৈছিল, ‘মোৰ দৰে নহ’বি’ অটোচালকৰ পুত্ৰ কেনেকৈ হ’ল বিশ্বৰ দ্বিতীয় বেগী বলাৰ? আঁৰৰ কাহিনী…
0
SHARES
10k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজ বৰ্তমান ক্ৰীড়াজগতৰ লেখত ল’বলগীয়া খেলুৱৈ৷ বৰ্তমান ক্ৰিকেটৰ পৃথিৱীত তেওঁ বিশ্বৰ লেখত ল’বলগীয়া বলাৰসকলৰ মাজৰেই এজন৷ জীৱনৰ বহু ঘাত প্ৰতিঘাত অতিক্ৰম কৰি তেওঁ আজি সফলতাৰ শীৰ্ষত৷ জীৱনৰ প্ৰতিটো ক্ষণকেই এক দুসাহসিক অভিযান হিচাপে লৈয়েই আগবাঢ়িছে মহম্মদ ছিৰাজ৷ বিশ্বৰ নম্বৰ ৱান বলাৰৰ ভিতৰত এজন মহম্মদ ছিৰাজৰ এই যাত্ৰা কিন্তু মুঠেও মসৃণ নহয়৷

মহম্মদে সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে তেওঁ খুবেই দুখীয়াঘৰৰ সন্তান৷ মহম্মদ ছিৰাজৰ পিতৃ অটোৰিক্সা চালক৷ পিতৃয়েই ঘৰৰ একমাত্ৰ উপাৰ্জন কৰোতা৷ মহম্মদ ছিৰাজে সৰুৰে পৰাই বেট-বল লৈ থকা দেখিয়েই পিতৃয়ে ভাৱিছিল মহম্মদক যদি ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিব পাৰি তেন্তে কিছু সফলতা নিশ্চয় আনিব পাৰিব৷ ভৱামতেই পিতৃয়ে তেওঁৰ উপাৰ্জনৰ পৰা দৈনিক ১০০ টকাকৈ ছিৰাজৰ বাবেই সাঁচি গৈছিল৷

অটো চালকৰ সন্তান মহম্মদ ছিৰাজে কেনেকৈ ভাৰতীয় দলত স্থান পালে?

ছিৰাজে তেওঁৰ যাত্ৰাৰ কথা বৰ্ণনা কৰোতে কৈছিল, ‘দেউতাই মোৰ মাজত ভৱিষ্যতৰ এজন ক্ৰিকেটাৰ দেখা পাইছিল৷ অভাৱৰ মাজতো দেউতাই মোক উৎসাহিত কৰিছিল৷ দেউতাই সদায়েই মোৰ হাতত ১০০ টকা গুজি কৈছিল এয়া কেৱল ক্ৰিকেটাৰ হ’বৰ বাবে কি কি সামগ্ৰীৰ প্ৰয়োজন, কেনেধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজন তাৰ বাবে তুমি সাঁচি যাবা৷ এদিনতেই মই তোমাক সকলো দিব নোৱাৰো৷ সাঁচতীয়া ধনেৰে তুমি ক্ৰয় কৰি ল’বা৷ দেউতাৰ কথা মানিয়েই মই আগবাঢ়িছিলো৷ দেউতাই দিয়া সেই ১০০ টকাৰে মই বাইকত তেল ভৰাই ক্ৰিকেটৰ প্ৰশিক্ষণৰ বাবে গৈছিলো৷ তেতিয়া দেউতাই মোক এখন প্লেটিনা বাইকো যোগাৰ কৰি দিছিল৷’

প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছতেই মহম্মদ ছিৰাজে পোনতে হায়দৰাবাদৰ ঘৰুৱা ক্ৰিকেট দলত খেলিবৰ বাবে আমন্ত্ৰণ লাভ কৰে৷ ২০১৬-২০১৭ৰ ৰঞ্জি ট্ৰফিত ছিৰাজে হায়দৰাবাদ দলৰ হৈ ৪১ টা উইকেট লৈছিল৷ তাৰপিছতেই ২০১৭-২০১৮ৰ বিজয় হাজাৰে ট্ৰফিত কৰ্নাটক দলৰ হৈ ২৩ টাকৈ উইকেট লৈ বেগী বলাৰৰ খিতাপ অৰ্জন কৰে৷ ইয়াৰোপৰি প্ৰথমখন ৰঞ্জী ট্ৰফীত ৪১ টা উইকেট লৈ সকলোতৰৈ বেছি উইকেট লোৱা বলাৰৰ খিতাপো অৰ্জন কৰিছিল৷ এই দুয়োখন খেলেই ছিৰাজৰ সফলতাৰ জখলাডাল কাষ চপাই আনে৷

কঠোৰ পৰিশ্ৰমেৰেই আইপিএল খেলিবৰ বাবে আমন্ত্ৰণ লাভ কৰে

ঘৰুৱা মেছত ভাল প্ৰদৰ্শনৰ বাবেই ২০১৭ চনত আইপিএল খেলাৰ বাবে নিৰ্বাচিত হ’ল মহম্মদ ছিৰাজ৷ ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০১৭ চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে ২.৬ কোটি টকাত ক্ৰয় কৰে৷ ইয়াৰ পাছত আৰু থমকি ৰ’ব লগা হোৱা নাই ছিৰাজ৷ ২০১৮ চনত আৰ চি বি অৰ্থাৎ ৰয়েল চেলেঞ্জাৰছ বেংগলে তেওঁক ক্ৰয় কৰে৷ মহম্মদ ছিৰাজ, আইপিএল ইতিহাসৰ প্ৰথম জন বলাৰ যিয়ে এখন খেলত দুটা মেডেন অভাৰ বল কৰিছিল। ছিৰাজে কৰ’নাৰ মাজতো ২০২০চনত এই সফলতা লাভ কৰিছিল৷

বিচিচিআইৰ আমন্ত্ৰণ কেনেকৈ পালে ছিৰাজে?

আইপিএলৰ এই সফলতা দেখিয়েই বিচিচিআইয়ে মহম্মদ ছিৰাজক ভাৰতীয় দলত স্থান দিয়ে৷ ২০১৭ ত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ ত ভাৰতৰ হৈ খেলাৰ সুবিধা লাভ কৰে ছিৰাজে৷ প্ৰথমাৱস্থাত ভাৰতীয় দলত প্ৰৱেশ কৰি বিশেষ ভাল ফলাফল দেখুওৱাব পৰা নাছিল৷ কিন্তু সময়ৰ সৈতে ছিৰাজৰ খেল উন্নতৰ পৰা উন্নত হৈ গৈ থাকিল৷ বৰ্তমান ভাৰতীয় দলৰ বেগী বলাৰৰ নাম ল’লেই সকলোৱে এবাৰ ছিৰাজৰ নাম লয়৷ ভাৰতীয় দলতেই কেৱল তেওঁৰ নাম আছে তেনে নহয়, বিশ্বৰ বেগী বলাৰৰ তালিকাতো মহম্মদ ছিৰাজে পোনতে প্ৰথম স্থান দখল কৰিছিল৷ তাৰপিছতেই বৰ্তমান দ্বিতীয় স্থানত আছে ছিৰাজ৷

ছিৰাজৰ এটোপাল চকুপানীতেই কান্দি উঠিল লাখ লাখ ক্ৰিকেটপ্ৰেমী

ছিৰাজৰ সফলতাৰ দৌৰ তেতিয়া পূৰ্ণগতিত৷ কিন্তু তাৰমাজতেই হঠাতে আহিছিল এটা দুঃখবৰ৷ ২০১৯ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে থকা বিশেষ খেলখন খেলিবৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হৈছিল ছিৰাজ৷ তেনেতেই আহিছিল দুঃখবৰটো তেওঁৰ পিতৃ আৰু ইহ সংসাৰত নাই৷ ৫৩ বছৰ বয়সত পিতৃয়ে সাবটি ল’লে মৃত্যুক৷ হাঁপানি ৰোগত আক্ৰান্ত পিতৃয়ে মৃত্যুক সাবটি লোৱাৰ সময়ত পিতৃৰ কাষলৈ শেষবাৰৰ বাবেও আহিব নোৱাৰিলে ছিৰাজ৷ পিতৃক হেৰুৱাৰ দুখত ভাঙি পৰিছিল ছিৰাজ৷ চকুপানী ৰোৱা নাছিল৷ তথাপিও দেশৰ স্বাৰ্থত খেলৰ প্ৰতি থকা আনুগত্যৰ বাবে খেলপথাৰত নামিছিল ছিৰাজ৷ কিন্তু খেল চলি থকাৰ মাজতেই হঠাতেই আকৌ কান্দি উঠিল ছিৰাজ৷ খেলপথাৰত চলি থকা কেমেৰাত বন্দী হৈ ৰ’ল কান্দোনৰ দৃশ্য৷ ছিৰাজৰ কান্দোন দেখিয়েই লাখ লাখ ক্ৰিকেটপ্ৰেমীয়েও ধৰি ৰাখিব পৰা নাছিল চকুলো৷

তেলেংগানা চৰকাৰে মহম্মদক লৈ দিছে ধন্যবাদসূচক পোষ্ট

ছিৰাজে বৰ্তমানলৈ ১৮ খন টেষ্ট মেচত ৪৭ টা উইকেট দখল কৰিছে। একে সময়তে, তেওঁ ২১ খন এদিনীয়াত ৩৮ টা উইকেট দখল কৰিছে৷ আনহাতে ৮ খন টি-২০ মেচত ১১ টা উইকেট দখল কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ
Uncategorized

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

April 16, 2026
Next Post
ভগৎ সিঙৰ জীৱনৰ শেষৰ ১২ ঘণ্টা, কাৰাগাৰত সেইদিনা ভগৎ সিঙৰ সৈতে কি কি ঘটিছিল?

ভগৎ সিঙৰ জীৱনৰ শেষৰ ১২ ঘণ্টা, কাৰাগাৰত সেইদিনা ভগৎ সিঙৰ সৈতে কি কি ঘটিছিল?

আগন্তুক দুটা পৰীক্ষাক লৈ কঠোৰ SEBA, দিলে এইকেইটা বিশেষ নিৰ্দেশনা…

আগন্তুক দুটা পৰীক্ষাক লৈ কঠোৰ SEBA, দিলে এইকেইটা বিশেষ নিৰ্দেশনা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.