উত্তৰ প্ৰদেশৰ মেৰুটৰ বহু চৰ্চিত নীলা ড্ৰাম হ*ত্যাকাণ্ডৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে জিলা আদালতে। মাৰ্চেণ্ট নেভিৰ বিষয়া সৌৰভ ৰাজপুতক পৰিকল্পিতভাৱে হ*ত্যা কৰাৰ গোচৰত অভিযুক্ত তেওঁৰ পত্নী মুস্কান ৰাস্তোগী আৰু মুস্কানৰ প্ৰেমিক চাহিল শুক্লাক আদালতে মৃ*ত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ২০২৫ চনৰ ৩ মাৰ্চৰ নিশা মেৰুটৰ ব্ৰহ্মপুৰীত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হ*ত্যাকাণ্ড। অভিযোগ অনুসৰি, মুস্কান আৰু চাহিলে মিলি সৌৰভক হ*ত্যা কৰাৰ পিছত চোকা অস্ত্ৰৰে তেওঁৰ মৃ*তদেহ টুকুৰা-টুকুৰ কৰে। তাৰ পিছত মৃ*তদেহটো এটা নীলা ড্ৰামত ভৰাই বালি আৰু চিমেণ্ট ব্যৱহাৰ কৰি ঢাকি ৰখা হৈছিল। এই ভয়ংকৰ হ*ত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ দেশতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
সৌৰভ ৰাজপুতক হ*ত্যা কৰাৰ এদিন পিছত, অৰ্থাৎ ২০২৫ চনৰ ৪ মাৰ্চত মুস্কানে তেওঁৰ জ্যেষ্ঠ কন্যাক মুস্কানৰ মাতৃৰ ঘৰত এৰি চাহিলৰ সৈতে হিমাচল প্ৰদেশলৈ যায়। প্ৰায় ১৩ দিন থকাৰ পিছত মেৰুটলৈ উভতি আহি মুস্কানে নিজৰ মাকক সৌৰভৰ হ*ত্যাকাণ্ডৰ বিষয়ে জনায়। ইয়াৰ পিছতে ঘটনাটো পোহৰলৈ আহে আৰু আৰক্ষীক অৱগত কৰা হয়। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি মুস্কান আৰু চাহিলক গ্ৰেপ্তাৰ কৰে। দীৰ্ঘদিনীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত আদালতে দুয়োকে দোষী সাব্যস্ত কৰি চৰম শাস্তি প্ৰদান কৰিছে।
আদালতে শাস্তি ঘোষণা কৰাৰ পূৰ্বে মুস্কানে নিজৰ জ্যেষ্ঠ কন্যাক এবাৰ লগ পোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। নিজৰ দুই কন্যাৰ ভৱিষ্যতক লৈও তেওঁ চিন্তিত বুলি জানিব পৰা গৈছে। মুস্কানে কাৰাগাৰ কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাই ডাঙৰ কন্যাৰ সৈতে সাক্ষাৎ কৰাৰ লগতে ফোনযোগে কথা পতাৰ অনুমতি বিচাৰিছিল। কিন্তু কাৰাগাৰ কৰ্তৃপক্ষৰ হাতত কন্যাক যোগাযোগ কৰিবলৈ মোবাইল নম্বৰ বা ঠিকনা নথকাৰ বাবে সেই ব্যৱস্থা কৰিব পৰা নগ’ল। ইয়াৰ পিছত মুস্কানক কন্যালৈ চিঠি লিখিবলৈ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হয়। সেই ব্যৱস্থাৰ পিছতে তেওঁ নিজৰ জ্যেষ্ঠ কন্যালৈ এখন চিঠি লিখে বুলি জানিব পৰা গৈছে।
নীলা ড্ৰাম হ*ত্যাকাণ্ডৰ গোচৰত অভিযুক্ত মুস্কান ৰাস্তোগী আৰু চাহিল শুক্লাক কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জিলা ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। আদালতে শাস্তি প্ৰদান কৰাৰ পূৰ্বে তেওঁলোকৰ কিবা ক’বলগীয়া আছে নেকি বুলি সোধে।
সেই সময়তে মুস্কানে নিজৰ জ্যেষ্ঠ কন্যাক লগ পোৱাৰ ইচ্ছা প্ৰকাশ কৰে। মেৰুটৰ জ্যেষ্ঠ কাৰাগাৰ অধীক্ষক বীৰেশ ৰাজ শৰ্মাই জানিবলৈ দিয়া অনুসৰি, আদালতত শাস্তি সম্পৰ্কীয় শুনানি অনুষ্ঠিত হৈছিল আৰু দুয়ো অভিযুক্তক পৃথকে পৃথকে হাজিৰ কৰোৱা হৈছিল। শুনানিৰ সময়ত ন্যায়াধীশে ফৰেনছিক প্ৰতিবেদনকে ধৰি গোচৰৰ কেইবাটাও বিষয় সন্দৰ্ভত প্ৰশ্ন কৰে। অৱশ্যে কাৰাগাৰ অধীক্ষকে সেই নিৰ্দিষ্ট প্ৰশ্নসমূহৰ বিষয়ে বিতং তথ্য প্ৰকাশ কৰা নাই। শুনানিটো চমু আছিল আৰু দুয়ো অভিযুক্তই বিচাৰকৰ সন্মুখত নিজৰ বক্তব্য দাঙি ধৰিছিল।
কাৰাগাৰ কৰ্তৃপক্ষৰ তথ্য অনুসৰি, আদালতে শাস্তি ঘোষণা কৰাৰ পূৰ্বে মুস্কান আৰু চাহিল যথেষ্ট উদ্বিগ্ন হৈ পৰিছিল। দুয়ো অভিযুক্তই নিশাৰ আহাৰ আৰু পুৱাৰ জলপান অতি কম পৰিমাণে গ্ৰহণ কৰিছিল। আনকি তেওঁলোকে ভালদৰে শুব পৰা নাছিল বুলিও জানিব পৰা গৈছে। ইফালে, যোৱা তিনি-চাৰি দিন ধৰি মুস্কানে বাৰে বাৰে নিজৰ জ্যেষ্ঠ কন্যাক লগ কৰিবলৈ অনুৰোধ জনাই আহিছিল। প্ৰায় সাত বছৰীয়া কন্যাক মাতৃৰ সৈতে সাক্ষাৎ কৰোৱাৰ ব্যৱস্থা অৱশ্যে কৰা হোৱা নাছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















