পুত্ৰ নথকা ঘৰত কন্যাই মাতৃৰ শেষ কৃত্য কৰাৰ বাবেই এঘৰীয়া হ’ল মঙলদৈত
পুনৰ এখন ঘৰক এঘৰীয়া কৰাৰ বাবে চৰ্চাত মঙলদৈ। এইবাৰ পুত্ৰ নথকা ঘৰত কন্যাই জন্মদাত্ৰীৰ শেষ কৃত্য কৰি এঘৰীয়া হ’ল এখন ঘৰ।
মঙলদৈ পুনৰ সংঘটিত হৈছে মানব সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ মঙলদৈৰ হিৰাপাৰাত সংঘটিত হৈছে সমাজক লজ্জানত কৰা ঘটনা।
এগৰাকী বৃদ্ধাৰ মৃত্যুৰ পিছতেই এঘৰীয়া কৰা হ’ল এটি পৰিয়ালক। পুত্ৰ নথকা ঘৰত মৃতকৰ জীয়ৰীয়ে কৰিছিল মাতৃৰ শেষকৃত্যৰ সকলো কাম। লগতে জীয়ৰীৰ পুত্ৰ তথা মৃতকৰ নাতিয়ে কৰিছিল মুখাগ্নি।
কিন্তু সমাজৰ বাবে সেয়াই হ’ল অপৰাধ। একাংশ ৰাইজৰ মতে নিৰাম নোখোৱা লোকে কাজ কৰ্ম অনুষ্ঠিত কৰিলে উদ্ধাৰ হ’ব নোৱাৰে পৰিয়ালটি।
যাৰ বাবে হিৰাপাৰা গাঁৱৰ ডেকা উপাধীৰ পৰিয়ালটোক এঘৰীয়া কৰিলে গাঁৱৰ ৰাইজে। পৰিয়ালটোৰ মৃতকৰ কোনো কাম কাজতো উপস্থিত নহল গাঁৱৰ কোনো ৰাইজ।
উল্লেখ্য যে, মৃত মহিলাগৰাকীৰ দুই সন্তান , পুত্ৰ আৰু কন্যা আছিল। যদিও পুত্ৰই মাতৃৰ চোৱা চিতা নকৰাৰ বাবে কন্যাই সমস্ত ভৰণ-পোষণৰ লগতে চোৱা চিতা কৰিছিল মাতৃৰ। সেয়ে মনৰ বেজাৰতে পুত্ৰ থাকিয়ো পুত্ৰই একো নকৰা বাবে নিজকে পুত্ৰহীনা বুলি মানি আহিছিল বৃদ্ধাই।
লগতে জীৱনৰ শেষ ইচ্ছা হিচাপে কন্যাক আৰু কন্যাৰ ফালৰ নাতিকেই জীৱনৰ শেষকালৰ সকলো দায়িত্ব অৰ্পন কৰিছিল মাতৃয়ে। মাতৃৰ শেষ ইচ্ছা অনুসৰিয়ে কন্যাই কৰিছিল সকলো কাম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ