আজি কৃষ্ণা দ্বিতীয়াত সৰ্বাৰ্থ সিদ্ধি যোগ, ৪ ৰাশিৰ বাবে আজি হঠাৎ আৰ্থিক লাভৰ যোগ
আজি দেওবাৰ, ১৬ মাৰ্চ। কন্যা ৰাশিৰ পৰা আজি চন্দ্ৰই তুলা ৰাশিত প্ৰৱেশ কৰিব। সূৰ্য্য এতিয়া মীন ৰাশিত সংক্ৰমণ হৈ আছে। সিদ্ধান্ত পঞ্জিকা অনুসৰি আজি চ’ত মাহৰ কৃষ্ণ পক্ষৰ দ্বিতীয় দিন। আজি গোটেই দিনটো বৃদ্ধু যোগ আৰু ধ্ৰুৱ যোগৰ প্ৰভাৱ থাকিব।
এই যোগৰ ফলত ৪ ৰাশিৰ আজিৰ দিনটো অতিকে ভাল। আৰ্থিক লাভৰ সুযোগ আহিব ৪ ৰাশিৰ লোকৰ জীৱনলৈ।
মেষ ৰাশি
আজি আপুনি জটিল সমস্যা সমাধান কৰিব পাৰিব। কিন্তু মূৰৰ বিষ, ৰক্তচাপ, স্নায়ুৰ সমস্যাত ভুগিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষা বা প্ৰৱেশ পৰীক্ষাৰ ফলাফল আশা কৰা ধৰণে নহ’ব। বৃদ্ধসকলে হয়তো ভাল খবৰ পাব। আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আজি টকা সঞ্চয় কৰিব পাৰিব। কাৰোবাক আৰ্থিকভাৱে সহায় কৰাৰ আগতে বিবেচনা কৰক।
মিথুন ৰাশি
মিথুন ৰাশিৰ লোকৰ বাবে আজি মানসিক অস্থিৰতা হ্ৰাস পাব। আজি কোনো দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। খনন আৰু কৃষি ব্যৱসায় আজি ফলপ্ৰসূ হ’ব। পুৰণি সম্পত্তিৰ পৰা টকা উপাৰ্জনৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে।
মকৰ ৰাশি-
আপোনাৰ বুদ্ধিমান পদক্ষেপেৰে বাধা আৰু বিপদ অতিক্ৰম কৰিবলৈ সক্ষম হ’ব। জিভা, ডিঙি বা দাঁতৰ সমস্যাত ভুগিব পাৰে। আজিৰ দিনত সঞ্চয় সুন্দৰ হ’ব পাৰে। আজি ঔষধ, প্ৰসাধন সামগ্ৰী, ঘৰুৱা সামগ্ৰীৰ ব্যৱসায়ত উন্নতি হ’ব। আজি জুইৰ পৰা বিপদৰ সম্ভাৱনা।
ধনু ৰাশি-
অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। পুৰণি কথাবোৰ ধৰি ৰাখি আৱেগিক হৈ পৰিলে হেৰুৱাব। নতুন ঘৰ কিনাৰ সুযোগ পাব পাৰে। ঠিকাভিত্তিক ব্যৱসায় লাভজনক হ’ব। কোনোবাই আপোনাৰ সুনাম অপ্ৰয়োজনীয়ভাৱে কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ