বিমানেৰে যাত্ৰা কৰিব ওলাইছিল চেং মাছে, কিন্তু বাটতে ধৰিলে বন-বিভাগে
আপুনি-মই বিমানত আজিলৈকে উঠি পোৱা নাই, কিন্তু অসমৰ চেং মাছে মাজে মাজো গোপনে বিমানেৰে গৈ থাকে।
এইবাৰো বিমানেৰে যাত্ৰা কৰিবলৈ ওলাইছিল অসমৰ চেং মাছ। কিন্তু বাটতে পালে বন বিভাগে। এইবাৰ বিমানবন্দৰত ওলাল চেং মাছৰ কাৰ্টুন।
বিমানেৰে কলকাতালৈ লৈ যোৱাৰ সময়তে জব্দ চেং মাছ ভৰ্তি কেইবাটাও কাৰ্টুন। সৰ্বমুঠ ৩৩ টা কাৰ্টুনত ২৩০০টা চেং মাছ জব্দ বনবিভাগৰ।
ইণ্ডিগ’ বিমানেৰে কলকাতালৈ লৈ যোৱাৰ পৰিকল্পনা আছিল মাছবোৰ। তিনিচুকীয়া জিলাৰ গুঁইজানৰ পৰা আনিছিল এই মাছসমূহ।
ঘটনা সন্দৰ্ভত ইতিমধ্যে দুজন লোকক আটত কৰিছে বনবিভাগৰ দলে। আটক যদু সৰকাৰ আৰু শ্ৰীৰাম সৰকাৰ নামৰ দুজন লোক।
ডিব্ৰুগড় বিমানবন্দৰত উদ্ধাৰ হৈছিল এই বৃহৎ সংখ্যক বিলুপ্তপ্ৰায় চেং মাছৰ কাৰ্টুন। উল্লেখ্য যে, অসমৰ বাহিৰৰ বজাৰত চেং মাছৰ বজাৰ বহু ওপৰত। বহু টকা দৰত বিক্ৰী হয় এই মাছ। যাৰ বাবে অসমত খাল-ডোং আদিত পোৱা চেং মাছ গোপনে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ