আইপিএল আৰম্ভ হোৱাৰ পূৰ্বেই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজস্থান ৰয়েলছে৷ অধিনায়ক সঞ্জু ছেমছনক এইবাৰ নেদেখিব অধিনায়কৰ ৰূপত৷ সঞ্জু ছেমছনৰ পৰিবৰ্তে অধিনায়কৰ দায়িত্ব ল’ব অসম সন্তান ৰিয়ান পৰাগে৷ অৱশ্যে আটাইকেইখন মেচৰ দায়িত্ব লোৱা নাই ৰিয়ানে৷ কেৱল প্ৰথম তিনিখন মেচত ৰাজস্থানক নেতৃত্ব দিব ৰিয়ান পৰাগে৷ বৃহস্পতিবাৰে এই ঘোষণা কৰা হৈছে৷ এই তিনিখন মেচত ৰাজস্থানে খেলিব ক্ৰমে হায়দৰাবাদ, কলকাতা আৰু চেন্নাইৰ সৈতে৷
ৰাজস্থান ৰয়েলছে জনাইছে যে এই তিনিখন মেচত সঞ্জুৱে কেৱল বেটাৰ হিচাপে খেলিব৷ উইকেটকিপিঙো নকৰে৷ ধাৰণা কৰা হৈছে বেটিঙৰ সময়ত তেওঁক ইমপেক্ট প্লেয়াৰ হিচাপে ৰখা হব পাৰে৷ সেয়ে অধিনায়ক হিচাপে তেওঁক ৰখা হোৱা নাই৷ বৃহস্পতিবাৰে সঞ্জুৱে কৈছে, ‘মই পাছৰ তিনিখন মেচত সম্পূৰ্ণ ফিট হৈ থাকিব পাৰিম৷ আমাৰ দলত বহু নেতা আছে৷ বিগত বছৰো আমি ভাল পাৰ্ফৰমেন্স দেখুৱাইছো৷ ৰিয়ানেও ভাল খেলিছে৷ সেয়ে প্ৰথম তিনিখন মেচত ৰিয়ানে দলক নেতৃত্ব দিব৷ তেওঁৰ মাজত সেই ক্ষমতা আছে৷ আশা কৰো দলৰ বাকীসকলেও তেওঁক সংগ দিব৷’
ৰাজস্থান ৰয়েলছৰ তৰফৰ পৰা এক বিবৃত্তিত কোৱা হৈছে, ‘সঞ্জু ছেমছন ৰাজস্থান দলৰ অবিচ্ছেদ্য অংগ৷ উইকেটকিপিং আৰু ফিল্ডিঙৰ অনুমতি নোপোৱালৈকে কেৱল বেটিঙেৰেই সকলোকো চমক দেখুৱাই থৈছে৷ এইবাৰো বেটাৰ হিচাপেই চমক দিব বুলি আমি আশাবাদী৷ ৩খন খেলৰ পাছত সঞ্জুৱেই আকৌ অধিনায়ক হব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ