মাৰ্চেণ্ট নেভি অফিচাৰ সৌৰভ ৰাজপুতক নৱেম্বৰৰ পৰাই হত্যাৰ চেষ্টা চলাই আহিছিল পত্নী মুস্কানে৷ কেনেকৈ হত্যা কৰিব তাৰ পৰিকল্পনা ৰচিছিল মুস্কানে৷ এই পৰিকল্পনা জনাইছিল প্ৰেমিক ছাহিলক৷ কেনেকৈ প্ৰেমিক ছাহিলক এই হত্যাকাণ্ডৰ বাবে ৰাজি কৰোৱা যায় তাৰো ন ন কৌশল বিচাৰিছিল মুস্কানে৷ অৱশেষত এটা কৌশলে লগ দিলে৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি মুস্কানে তেওঁৰ প্ৰেমিকক কৈছিৱ যে সৌৰভৰ মৃত্যু খুবেই জৰুৰী৷ কেৱল সেয়াই নহয় কেনেকৈ হত্যা কৰিব সেই উপায় বিচাৰিবলৈ সামাজিক মাধ্যমৰো সহায় লবলৈ কৈছিল ছাহিলক৷
স্নেপচাটত এটা ভুৱা একাউণ্ট খুলিছিল মুস্কানে৷ তাৰ পৰাই প্ৰেমিক ছাহিলক মেছেজ কৰিছিল মুস্কানে৷ সৌৰভক হত্যা কৰা খুবেই প্ৰয়োজন৷ সৌৰভৰ মৃত্যু নিশ্চিতভাৱে কৰিবই লাগিব৷ এই ধৰণৰ মেছেজ লেথাৰিকৈ কৰিছিল মুস্কানে৷ কেৱল সেয়াই নহয় এই ধাৰণাক বিশ্বাসলৈ বদলি কৰিবলৈ ছাহিলৰ মৃত মাতৃৰ কথাও দোহাই দিছিল৷ কেইবছৰ মান পূৰ্বে ছাহিলৰ মাতৃৰ মৃত্যু হৈছে৷ মাতৃৰ মৃত্যুত মন মাৰি পেলাইছিল ছাহিলে৷ ছাহিলৰ মনৰ অৱস্থাৰ বুজ লৈ মাতৃৰ নাম লৈ সেয়ে ব্লেকমেইল আৰম্ভ কৰিছিল মুস্কানে৷
ছাহিলক মুস্কানে কৈছিল, ‘তোমাৰ মাতৃৰ আত্মাই বিচাৰিছে সৌৰভৰ মৃত্যু হোৱা উচিত৷ সেয়ে বাৰে বাৰে সেই সংকেতেই দিছো তোমাক৷’ এই ধৰণৰ কথা কৈয়ে ছাহিলক মেনেজ কৰিছিল মুস্কানে৷ মুস্কানে স্বামী সৌৰভ সন্দৰ্ভতো ভুল তথ্য দিছিল ছাহিলক৷ সৌৰভ মাৰ্চেণ্ট নেভি অফিচাৰ নহয়, লণ্ডনৰ এটা বেকাৰিত কাম কৰা শ্ৰমিক বুলি কৈছিল৷ এই সমূহ তথ্য প্ৰকাশ কৰিছে ছাহিলে৷ ছাহিলে নিজা স্বীকাৰোক্তিত দাঙি ধৰিছে এইসমূহ তথ্য৷
ছাহিলে স্বীকাৰোক্তিত জনাইছে, কেনেকৈ মুস্কান আৰু ছাহিলে মিলি বজাৰৰ পৰা মাংস কটা চুৰি ক্ৰয় কৰি আনিছিল৷ নিষিদ্ধ টোপনিৰ ঔষধো আনিছিল৷ ২২০ লিটাৰৰ এটা পানীৰ ড্ৰাম আৰু ৫০ কিঃগ্ৰাঃ চিমেণ্ট কিনি আনিছিল৷ ৪ মাৰ্চত সৌৰভে মুস্কানৰ সৈতে দেখা কৰিবলৈ আহে৷ একেলগে দুয়ো খোৱাবোৱাও কৰে৷ তদন্তকাৰী বিষয়াই জনাইছে যে সৌৰভৰ খাদ্যৰ সৈতে টোপনিৰ ঔষধ মিহলাই দিছিল মুস্কানে৷ ইয়াৰ পূৰ্বে যেতিয়া ঘৰলৈ আহিছিল তেতিয়াও মুস্কানে খাদ্যত টোপনিৰ ঔষধ মিহলাই দিছিল৷ সেইবাৰ গভীৰ টোপনি গলেও অচেতন নোহোৱাত হত্যা কৰিব নোৱাৰিলে বুলি জনাইছে ছাহিলে৷
সেই ঘটনাৰ পৰা শিক্ষা লৈ দ্বিতীয়বাৰ সম্পূৰ্ণ প্ৰস্তুতি লৈছিল দুয়োৱে৷ এইবাৰ ঔষধৰ ডোজ বঢ়াই খাদ্যৰ সৈতে মিহলাই দিছিল৷ সেই খাদ্য গ্ৰহণৰ পাছতেই অচেতন হৈ পৰে সৌৰভ৷ অচেতন হোৱাৰ পাছতেই সৌৰভৰ বুকুত চুৰিৰে আঘাত কৰে মুস্কানে৷ কিছু ক্ষণৰ ভিতৰতেই সেই স্থানত ছাহিলো হাজিৰ হয়৷ বজাৰৰ পৰা ক্ৰয় কৰি অনা মাংস কটা চুৰিৰে সৌৰভৰ শৰীৰ টুকুৰা টুকুৰ কৰি পেলায়৷ নিশাৰ ভিতৰতেই এই কাম কৰিছিল দুয়োৱে৷ তাৰপিছত ড্ৰামৰ ভিতৰত চিমেণ্ট ঢালে আৰু দেহৰ অংশ৷ তাৰপিছতেই ড্ৰামৰ মুখো চিমেণ্টেৰে বন্ধ কৰি দিয়ে যাতে কোনেও সন্ধান উলিয়াব নোৱাৰে৷ সেই ড্ৰাম সুবিধা বুজি পেলোৱাৰো সিদ্ধান্ত লৈছিল দুয়োৱে৷ কোনোৱে যাতে সন্দেহ নকৰে তাৰবাবে দুয়ো এই কামৰ পূৰ্বে হিমাচল প্ৰদেশ ফুৰিবলৈ যায়৷ তাৰপৰা সোমবাৰে উভতি আহি সেই ড্ৰাম পেলোৱাৰ পৰিকল্পনা কৰিছিল মুস্কান আৰু ছাহিলে কিন্তু তাৰপূৰ্বেই আৰক্ষীৰ হাতত ধৰা পৰে দুই হত্যাকাৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ