অসম লাইভ ২৪ঃ প্ৰকাশ পালে শিক্ষা বিভাগৰ নতুন SOP৷ ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব শ্ৰেণীকোঠাৰ পাঠদান৷ প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ সপ্তাহত ৩ দিনকৈ হ’ব পাঠদান৷ প্ৰথমৰ পৰা তৃতীয় শ্ৰেণীলৈ পাঠদান হ’ব সোমবাৰ, বুধবাৰ, শুকুৰবাৰে৷ বিপৰীতে, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান হ’ব মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰে৷ শ্ৰেণীকোঠাৰ পাঠদানৰ সমান্তৰালভাৱে চলি থাকিব অনলাইন পাঠদান৷ শ্ৰেণীকোঠাত শিক্ষাৰ্থী উপস্থিত থকাটো বাধ্যতামূলক নহয়৷ প্ৰতিটো শ্ৰেণীকোঠাত থাকিব পাৰিব সৰ্বমুঠ ৩০ জন শিক্ষাৰ্থী৷ ইফালে, ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম আৰু দশম শ্ৰেণীৰ পাঠদান৷ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানো আৰম্ভ হ’ব ১ অক্টোবৰৰ পৰা৷ মহাবিদ্যালয়, অভিযান্ত্ৰিক শিক্ষানুষ্ঠান, পলিটেকনিকৰো আৰম্ভ হ’ব পাঠদান৷ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে হোষ্টেল খোলা হ’ব যদিও অভিভাৱকে অনুমতি দিলেহে থাকিব পাৰিব হোষ্টেলত৷ শিক্ষানুষ্ঠানৰ চৌহদত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো অনুষ্ঠান৷ বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক আৰু প্ৰতি দেওবাৰে শিক্ষানুষ্ঠানসমূহ ছেনিটাইজ কৰিব লাগিব৷ সকলো ধৰণৰ কোভিড বিধি মানি চলিব লাগিব প্ৰতিখন শিক্ষানুষ্ঠানে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ