অসম লাইভ ২৪ঃ সমগ্ৰ বিশ্বতেই জনপ্ৰিয় অসমৰ চাহপাত৷ ইয়াৰ মাজতো ডিব্ৰুগড় জিলাৰ চাহপাতৰ আছে বিশেষ বৈশিষ্ট্য৷ দেশৰ বিভিন্ন প্ৰান্তত সৰ্বাধিক দৰত বিক্ৰী হোৱা চাহপাত হৈছে অসমৰ চাহপাত৷ কিন্তু মঙলবাৰে ডিব্ৰুগড়ত নিলাম হয় এবিধ বিশেষ চাহপাত৷
৯৯,৯৯৯ টকা দৰত নিলাম হয় প্ৰতি কিলোগ্ৰাম চাহপাত৷ ডিব্ৰুগড়ৰ এই ‘মনোহৰী’ চাহপাতৰ আছে কেতবোৰ বিশেষ বৈশিষ্ট্য৷
মনোহৰী চাহ বাগানে সৌৰভ ট্ৰেডাৰচক বিক্ৰী কৰিছে এই চাহপাত৷ এই কথা সদৰী কৰিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সচিব প্ৰিয়ানুজ দত্তই৷ পুনৰ সৰ্বাধিক দৰত বিক্ৰি কৰি পূৰ্বৰ ৰেকৰ্ড অক্ষুন্ন ৰাখিছে ‘মনোহৰী গ’ল্ড টী’ য়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ