অসম লাইভ ২৪ঃ পঞ্চভূতত বিলীন হ’ল অসমৰ দুগৰাকীকৈ বীৰ শ্বহীদ বাবলু ৰাভা আৰু দিলীপ কুমাৰ দাস। চত্তীশগড়ৰ চুকমাত মাওবাদীৰ ভয়ংকৰ আক্ৰমণত শনিবাৰে শ্বহীদ হয় অসমৰ বীৰ সন্তানদ্বয়। অৰ্ধসামৰিক বাহিনীৰ জোৱান আছিল বাবলু ৰাভা আৰু CRPFৰ পৰিদৰ্শক আছিল দিলীপ কুমাৰ দাস। দেশমাতৃৰ হকে সাহসেৰে যুঁজি নিজৰ জীৱন বলিদান দিলে দুধনৈৰ বাবলু ৰাভা আৰু সৰুপেটাৰ দিলীপ কুমাৰ দাসে। দুধনৈৰ দমৰাৰ শ্বহীদ বাবলু ৰাভাৰ বাসগৃহত এতিয়া নিস্তব্ধতা, কান্দোনৰ ৰোল। নিথৰুৱা হ’ল বাবলু ৰাভাৰ পত্নী আৰু ৭ বছৰীয়া কন্যা সন্তান। মাতৃ, দুগৰাকী ভাতৃ, পত্নী আৰু ৭ বছৰীয়া সন্তানক এৰি চিৰদিনৰ বাবে চকু মুদিলে বীৰ জোৱানজনে। ইয়াৰ উপৰি শ্বহীদ দিলীপ কুমাৰ দাসৰ বিয়োগে সৰুপেটাত শোকৰ ছাঁ পেলাইছে। এক শোকাকুল পৰিবেশৰ মাজত ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় দুয়োগৰাকী শ্বহীদৰ। শনিবাৰৰ পৰা হোৱা নক্সালবাদী আক্ৰমণত শ্বহীদ হয় ভাৰতৰ ২৩ গৰাকী সেনা জোৱান। সেনাৰ গুলীত নিহত হয় মহিলাসহ কেইবাগৰাকীও মাওবাদী। মাওবাদীৰ আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। শ্বহীদ জোৱানলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















