অসম লাইভ ২৪ঃ শেহতীয়াভাৱে অধিক ভয়াৱহ হৈ পৰিছে দেশৰ কোভিড পৰিস্থিতি। দৈনিক অভাৱনীয় হাৰত বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। এই ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰে এক উচ্চস্তৰীয় বৈঠক। বিগত ২৪ ঘণ্টাত ১ লক্ষাধিক নতুন কোভিড সংক্ৰমণৰ তথ্য প্ৰকাশ পাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৰিপ’ৰ্টত। এই দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেওবাৰে পুনৰ মিলিত হয় এক বৈঠকত। পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি সোমবাৰৰ দিনটোত ভাৰতত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ১,০৩,৭৯৬ গৰাকী লোক আৰু বৰ্তমানলৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১,২৫,৮৯,০৬৭ গৰাকী। দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। মহাৰাষ্ট্ৰত ৫ এপ্ৰিলৰ পৰা সপ্তাহজোৰা লকডাউন ঘোষণাৰ লগতে জাৰি কৰিছে সান্ধ্য আইন। ইয়াৰ সমান্তৰালকৈ অসমতো প্ৰতিদিনে বৃদ্ধি পাই আছে কোভিড আক্ৰান্তৰ সংখ্যা। ৪ এপ্ৰিল পৰ্যন্ত ৰাজ্যত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ১,০৩,৫৫৮ গৰাকী। সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৭ গৰাকীকৈ লোক আক্ৰান্ত হৈছে ক’ৰোনাত। এতিয়াৰে পৰা বহিঃৰাজ্যৰ কোনো লোক অসমত প্ৰৱেশ কৰিলে বিমানবন্দৰত দেখুৱাব লাগিব কোভিড পৰীক্ষণৰ ৰিপ’ৰ্ট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ