বৈদিক জ্যোতিষ অনুসৰি গ্ৰহই সময়ে সময়ে সকলো ৰাশিত গোচৰৰ সৈতে নক্ষত্ৰও পৰিবৰ্তন কৰে৷ যাৰ প্রভাৱ দেশ দুনীয়াৰ ওপৰত পৰা দেখা যায়৷ পঞ্চাঙ্গ অনুসৰি ২০ এপ্ৰিল ২০২৬ত পাপী গ্ৰহ কেতুৱে নিজৰ স্বনক্ষত্ৰ মঘাত প্ৰৱেশ কৰিব৷ মঘা নক্ষত্ৰক ৰাজসী, পিতৃ আৰু অধিকাৰৰ প্ৰতীক বুলি ধাৰণা কৰা হয়৷ সেয়ে কেতু গ্ৰহই ইয়াত প্ৰৱেশ কৰোতেই একাধিক ৰাশিৰ জীৱনত ইতিবাচক প্ৰভাৱে দেখা দিব৷ জানি থওক কোন কোন ৰাশিৰ সৌভাগ্য তুংগত উঠিব৷
কেতুৰ ৰহস্যময় আৰু আধ্যাত্মিকতাৰ গ্ৰহ বুলি ধাৰণা কৰা হয়৷ হঠাৎ কোনো ঘটনা ঘটা, মোক্ষ আৰু অদৃশ্য শক্তিৰ সৈতে যুক্ত কেতু৷ সেয়ে কেতুৱে মঘা নক্ষত্ৰত প্ৰৱেশ কৰোতেই ই পিতৃ দোষ, পূৰ্বপুৰুষর আশীৰ্বাদ আৰু কৰ্মৰ সৈতে যুক্ত ফল দিবলৈ আৰম্ভ কৰে৷ এই সময়ত ব্যক্তিয়ে নিজৰ জীৱনত হঠাৎ পুৰণি ৰৈ থকা কামত গতি আৰু আধ্যাত্মিকতাৰ দিশত আগ্ৰহ অনুভৱ কৰিব৷ এতিয়া কেতু সিংহ ৰাশিত আছে৷
বৃষ ৰাশি
কেতুৰ নক্ষত্ৰ পৰিবৰ্তন বৃষ ৰাশিৰ জাতকৰ বাবে অনুকূল হব৷ এওঁলোকে হঠাৎ অৰ্থলাভ কৰিব পাৰে৷ বিনিয়োগৰ পৰাও সুবিধা পাব৷ ৰৈ থকা অৰ্থ উভতাই পাব পাৰে৷ পৰিয়ালত সুখ-সুবিধা আৰু শান্তি বাঢ়িব৷ খৰচৰ ওপৰত নিয়ন্ত্ৰণ কৰক৷ কোনো বাহন বা সম্পত্তি কিনিব পাৰে৷ ইয়াৰ সৈতে কেতু গ্ৰহৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত আছে৷ সেয়ে চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব পাৰিব৷ ব্যৱসায়ীয়ে এই সময়ত ভাল অৰ্থলাভ কৰিব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে এই সময়ত কেৰিয়াৰত উন্নতি আৰু নতুন সুযোগ আহিব পাৰে৷ এই সময়ত চাকৰিত প্ৰমোছন বা নতুন দায়িত্ব পাব পাৰে৷ সমাজত মান সন্মান বাঢ়িব পাৰে আৰু আত্মবিশ্বাসো বৃদ্ধি হব৷ এই সময়ত আপোনাৰ কথাই প্ৰভাৱ পেলাব৷ ৰৈ থকা অৰ্থ উভতাই পাব পাৰে৷ আৰ্থিক স্থিতি সলনি হৈ পৰিব৷ কাম, ব্যৱসায়, মিডিয়া, বেংকিং আৰু শিক্ষাক্ষেত্ৰৰ সৈতে যুক্ত ব্যক্তি লাভৱান হব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে কেতুৰ মঘাত প্ৰৱেশে শুভ ফল কঢ়িয়াই আনিব৷ এই সময়ত ভাগ্যৰ পূৰ্ণ সংগ পাব৷ ৰৈ থকা কাম সম্পূৰ্ণ হব৷ নেতৃত্ব দিয়াৰ ক্ষমতা বৃদ্ধি হব৷ নতুন কিছু সূচনা আৰু ডাঙৰ সিদ্ধান্ত এই সময়ত ল’ব পাৰে৷ সমাজত মান সন্মান বৃদ্ধি পাব৷ এই সময়ত বৈবাহিক জীৱন আৰু ভাল হব৷ আধ্যত্মিকতাৰ দিশত আগ্ৰহ বাঢ়িব৷ জীৱনসংগীৰ সৈতে তীৰ্থযাত্ৰাত যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















