২০২৪ চনৰ ছেপ্টেম্বৰ মাহত হিন্দু ধৰ্মৰ কেইবাটাও উৎসৱ পৰিছে৷ বুধ, শুক্ৰ আৰু শনিয়ে মিলি ৩টা শক্তিশালী ৰাজযোগ সৃষ্টি কৰিছে। এই ৰাজযোগমূহ ইমানেই শুভ বুলি গণ্য কৰা হয় যে গঠিত হ’লে ব্যক্তিজনে বহু উৎসৰ পৰা ধন-সম্পত্তি লাভ কৰে৷ জীৱনলৈ আনন্দৰ আগমন হয়৷
বুধ আৰু শুক্ৰৰ সংযোগৰ ফলত ভদ্ৰ আৰু মালব্য ৰাজযোগৰ সৃষ্টি হৈছে৷ আনহাতে শনিয়ে নিজৰ ৰাশি কুম্ভত অৱস্থিত হৈ শশ ৰাজযোগ গঠন কৰিছে। এই তিনিটা ৰাজযোগ বৈদিক জ্যোতিষৰ এক শক্তিশালী পঞ্চ মহাপুৰুষ ৰাজযোগ। এই শক্তিশালী ৰাজযোগৰ বাবেই কেইটামান ৰাশিৰ ভাগ্যোদয় হ’ব।
মেষ ৰাশি
ছেপ্টেম্বৰ মাহত গ্ৰহৰ গতিৰ ফলত মেষ ৰাশিৰ জাতক লাভাম্বিত হ’ব৷ আপোনাৰ উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা প্ৰবল। এশ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিবলৈ এই সময় উত্তম৷ বিনিয়োগত ভাল ৰিটাৰ্ণ পাব। কৰ্মত নিয়োজিত লোকে পদোন্নতিৰ সৈতে বদলিৰো সম্ভাৱনা আছে৷ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে শুভ সময়। প্ৰেম জীৱনৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিব। বিবাহযোগ্য বাবে বিবাহৰ সম্ভাৱনা আছে৷
মিথুন ৰাশি
ছেপ্টেম্বৰ মাহত গ্ৰহৰ সালসলনিৰ ফলত গঠিত ৰাজযোগে মিথুন ৰাশিৰ লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব৷ আপোনাৰ ধনৰ অভাৱ দূৰ হ’ব। অর্থনৈতিক পৰিস্থিতি সবল হ’ব৷ কৰ্মত নিয়োজিত লোকে নতুন দায়িত্ব লাভ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ আয় বৃদ্ধি হ’ব খাটাং৷ লাভ বৃদ্ধি পাব। প্ৰেম জীৱনত মধুৰতা থাকিব। ৰোমাঞ্চ বাঢ়িব।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ লোকসকলৰ বাবে ছেপ্টেম্বৰ মাহটো ভাগ্যৱান বুলি প্ৰমাণিত হ’ব। উপাৰ্জনৰ নতুন উৎস মুকলি হ’ব৷ ফলত আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব। নিয়োজিত লোকৰ আয় বৃদ্ধি পাব। কিন্তু একে সময়তে খৰচ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। বিবাহৰ যোগ্য অবিবাহিত লোকৰ বিবাহৰ সম্ভাৱনা আছে।
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে বুধ, শুক্ৰ আৰু শনি তিনিওটা গ্ৰহৰ স্থান পৰিবৰ্তন লাভজনক হ’ব৷ আৰ্থিক লাভ পাব পাৰে। বিনিয়োগৰ পৰাও ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে। কৰ্মত নিয়োজিত লোকৰ সন্মান বাঢ়িব। ব্যৱসায়ীসকলে ব্যৱসায় সম্প্ৰসাৰণৰ নতুন সুযোগ লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন সুখদায়ক হ’ব। আপুনি আপোনাৰ পিতৃ-মাতৃৰ পৰা আশীৰ্বাদ লাভ কৰিব।
কুম্ভ ৰাশি
ছেপ্টেম্বৰ মাহত গ্ৰহৰ স্থান পৰিবৰ্তন কুম্ভ ৰাশিৰ লোকৰ বাবে অতি অনুকূল প্ৰমাণিত হ’ব৷ আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ’ব। পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে। নতুন বিনিয়োগৰ বাবেও ভাল সময়। ব্যৱসায়ৰ পৰা লাভ সম্ভৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















