মহাশূন্যৰ পৰা পৃথিৱীলৈ উভতি আহিল সুনীতা উইলিয়ামছ৷ দীৰ্ঘ ৯মাহৰ পাছত পৃথিৱীত ভৰি থৈছে সুনীতা আৰু তেওঁৰ সহযোগী নভোশ্চৰসকলে৷ মহিলা নভোশ্চৰ হিচাপে খুবেই চৰ্চাত থকা সুনীতা উইলিয়ামছৰ জীৱনৰ বিষয়ে বহুজনেই এতিয়া জানিবলৈ আগ্ৰহীও হৈ উঠিছে৷ সুনীতা উইলিয়ামছ কোন? নভোশ্চৰেই তেওঁৰ একমাত্ৰ পৰিচয় নে? ৫৯ বছৰ বয়সীয়া এই মহাকাশচাৰীক আজি সমগ্ৰ বিশ্বই বাহ বাহ দিছে৷ মহিলা আজি মহাকাশত বুলি বহু মহিলাই তেওঁক লৈ গৰ্বিতও হৈছে৷ তেওঁ সাহস হৈ পৰিছে বহুজনৰ বাবে৷ কিন্তু সুনীতা পাণ্ডিয়াৰ পৰা তেওঁ কেনেকৈ হৈ উঠিল সুনীতা উইলিয়ামছ? পৃথিৱীলৈ উভতি অহাৰ পাছত তেওঁৰ স্বামীয়েও এতিয়া স্বাস্তিৰ নিঃশ্বাস পেলাইছে৷ চৰ্চাত নহা সুনীতাৰ স্বামীৰ পৰিচয়ো এতিয়া বহুজনেই জানিবলৈ আগ্ৰহী হৈ উঠিছে৷ কেনেকৈ সুনীতাৰ প্ৰেমত পৰিছিল সেই ব্যক্তি?
সুনীতা উইলিয়ামছৰ স্বামীৰ নাম মাইকেল জে উইলিয়ামছ৷ মাইকেল এজন ফেডাৰেল মাৰ্ছেল৷ তেওঁ এতিয়া অৱসৰী৷ ইয়াৰ পূৰ্বে তেওঁ হেলিকপ্টাৰ পাইলট আছিল৷ মাৰ্কিন নৌবাহিনীত সুনীতাৰ সৈতে তেওঁৰ দেখা হৈছিল৷ তাতেই দুজনে হেলিকপ্টাৰ পাইলট হিচাপে নিযুক্ত আছিল৷ দুয়ো বিবাহপাশত আৱদ্ধ হোৱাও ২৫ বছৰ পাৰ হৈছে৷
সুনীতাৰ শিঁপা ভাৰতৰ৷ আমেৰিকাৰ বাসিন্দা হ’লেও তেওঁৰ পিতৃ ভাৰতৰ৷ সুনীতাৰ পিতৃ গুজৰাটৰ পৰা আমেৰিকালৈ গৈছিল৷ তেওঁৰ নাম আছিল ডঃ দীপক পাণ্ডিয়া৷ সুনীতাৰ মাতৃ আছিল স্লোভেনিয় বংশোদ্ভুতৰ৷ সুনীতাহঁতৰ মুঠ ৩গৰাকী ভায়েক ভনীয়েক৷ বিবাহৰ পূৰ্বে কলেজত আৰু নৌবাহিনীত চাকৰি কৰাৰ সময়ত সুনীতাৰ উপাধিও পাণ্ডিয়াই আছিল৷ পিতৃ পৰিচয়ক লগত লৈ আগুৱাইছিল সুনীতা৷ পিতৃ দীপক পাণ্ডিয়া এজন স্মায়ুতন্ত্ৰবিদ, তেওঁ গুজৰাটৰ মেহছানা জিলাৰ ঝুলাসন গাওঁত জন্মগ্ৰহণ কৰিছিল৷ ১৯৫৮ চনত তেওঁ চিকিৎসাবিজ্ঞানত উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ আমেৰিকালৈ যায়৷ অৱশ্যে তেওঁ এতিয়া এই পৃথিৱীত নাই৷ ২০২০ চনত সুনীতাৰ পিতৃ চিকিৎসক দীপক পাণ্ডিয়াই ইহলীলা ত্যাগ কৰিছে৷
নব্বৈৰ দশকৰ শেষৰ দিশত সুনীতাই মাইকেল জে কক বিয়া কৰোৱাই৷ তেওঁলোকৰ বিবাহৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে৷ উইলিয়ামছক বিয়া কৰোৱাৰ পাছত তেওঁ নিজৰ নামৰ সৈতে উইলিয়ামছ উপাধি লিখে৷ উইলিয়ামছ উপাধি লিখিলেও সুনীতাই নিজকে প্ৰতিসময়তে ভাৰতীয় বুলি কৈ গৌৰৱ কৰে৷ আনকি মহাকাশ অভিযানৰ সময়ত তেওঁ পিতৃৰ পৰিচয়, গুজৰাটি উৎপত্তি আৰু হিন্দু সংস্কৃতিৰ কথা উল্লেখ কৰিছে৷ এতিয়াও তেওঁ নামৰ সৈতে পিতৃৰ উপাধিও বহন কৰে৷ নিজা স্বাক্ষৰত সুনীতাই লিখে সুনীতা পাণ্ডিয়া উইলিয়ামছ৷
মাইকেল জে উইলিয়াছ এজন অৱসৰপ্ৰাপ্ত ফে়ডাৰেল মাৰ্ছেল৷ তেওঁ মাৰ্কিন নৌবাহিনীত হেলিকপ্টাৰ পাইলট হিচাপে কাম কৰিছিল৷ তেওঁ পেছাগত পটভূমিত সামৰিক আৰু আইন প্ৰয়োগৰাকী সংস্থাতো অন্তৰ্ভুক্ত হৈ আছিল৷ বৰ্তমান তেওঁ অৱসৰী জীৱন উপভোগ কৰি আছে৷ জে উইলিয়ামচ আমেৰিকান বংশোদ্ভুতৰ৷ সুনীতাৰ সৈতে লগ পোৱাৰ পূৰ্বে তেওঁ নৌবাহিনীত প্ৰশিক্ষণপ্ৰাপ্ত আছিল৷ মাইকেল এজন শান্ত আৰু অমায়িক ব্যক্তি হিচাপে পৰিচিত৷ মাইকেলে সদায়েই সুনীতাক সকলো কামতেই আগুৱাই দি আহিছে৷ যাৰবাবে সুনীতাইয়ো প্ৰতিসময়তে স্বামীৰ প্ৰশংসাৰে পঞ্চমুখ হৈ আহিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ