• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

4 months ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

34 minutes ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

1 hour ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

2 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

10 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

11 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

11 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

12 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

12 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

13 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

14 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

14 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

৮৫বয়সতো দৈনিক ১০ কিলোমিটাৰ দৌৰে অন্ধুৰাম দাসে

editor by editor
June 13, 2026
in অসম, উত্তৰ-পূব, ক্ৰীড়া, জীৱনশৈলী, বিনোদন, বিবিধ, লেখা, স্বাস্থ্য
0
অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী
0
SHARES
104
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বয়স কেৱল এটা সংখ্যা—এই কথাষাৰ সত্য প্ৰমাণিত কৰিছে মৰিগাঁও জিলাৰ জাগীৰোডৰ নতুন গাঁৱৰ ৮৫ বছৰীয়া ক্ৰীড়াবিদ অন্ধুৰাম দাসে। যি বয়সত অধিকাংশ লোকে বিশ্ৰামৰ পথ বাছি লয়, সেই সময়তো তেওঁ ক্ৰীড়াক্ষেত্ৰখনত সক্ৰিয় উপস্থিতিৰে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। ২০২৫ চনৰ ১৮ৰ পৰা ২১ ডিচেম্বৰলৈ মৰিগাঁৱত অনুষ্ঠিত ৩১ সংখ্যক অসম আন্তঃজিলা মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি অন্ধুৰাম দাসে ৮৫ বছৰ বয়সতো ৫,০০০ মিটাৰ আৰু ১০,০০০ মিটাৰ দৌৰত পদক লাভ কৰিছিল। এই সাফল্যই পুনৰবাৰ ৰাজ্যবাসীক তেওঁৰ অদম্য মনোবল আৰু ক্ৰীড়াৰ প্ৰতি নিষ্ঠাৰ কথা সোঁৱৰাই দিয়ে।
তেওঁৰ জীৱনজোৰা ক্ৰীড়া আৰু সামাজিক অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৬ৰ জানুৱাৰীত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই তেওঁৰ বাসগৃহত উপস্থিত হৈ ‘আমাৰ মাটি আমাৰ নায়ক’ বঁটা প্ৰদান কৰিছিল। সমাজ, সংস্কৃতি আৰু ক্ৰীড়াক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰদান কৰা এই সন্মান অন্ধুৰাম দাসৰ জীৱনসংগ্ৰাম আৰু কৰ্মনিষ্ঠাৰ এক মূল্যৱান স্বীকৃতি। ১৯৬৫ চনত মিৰ্জাত অনুষ্ঠিত এক শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ সময়ত অন্ধুৰাম দাসে প্ৰথমবাৰৰ বাবে খো-খো খেলৰ সৈতে পৰিচিত হৈছিল। সেই সময়ত তেওঁ জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইতিহাস আৰু ভূগোল বিষয়ৰ শিক্ষক হিচাপে কৰ্মৰত আছিল। প্ৰশিক্ষণ সমাপ্ত কৰি বিদ্যালয়লৈ উভতি আহি তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খো-খো খেলৰ প্ৰচাৰ আৰম্ভ কৰে। তেওঁৰ অধ্যৱসায় আৰু অক্লান্ত প্ৰচেষ্টাৰ ফলত ধীৰে ধীৰে শিক্ষাৰ্থীসকলৰ মাজত খেলখনৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায়। বিশেষকৈ ১৯৯৫ৰ পিছৰ সময়ছোৱাত নতুন প্ৰজন্মৰ বহু শিক্ষাৰ্থীয়ে খো-খোৰ প্ৰতি আগ্ৰহ দেখুৱাবলৈ আৰম্ভ কৰে আৰু অন্ধুৰাম দাসে তেওঁলোকক নিয়মীয়াকৈ প্ৰশিক্ষণ দি খো-খোৰ এক শক্তিশালী ভিত্তি গঢ়ি তোলে।

৮৫ বছৰ বয়সতো দৈনিক ১০ কিলোমিটাৰ দৌৰে অম্বুৰাম দাসে

১৯৯৯ চনত শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো অন্ধুৰাম দাসে ক্ৰীড়াক্ষেত্ৰৰ পৰা আঁতৰি যোৱা নাছিল। বৰঞ্চ তেওঁ নিজৰ ব্যক্তিগত উদ্যোগত স্থানীয় খেলপথাৰত শিশুসকলক খো-খো আৰু কাবাডীৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। ৮৫ বছৰ অতিক্ৰম কৰাৰ পিছতো আজিও অন্ধুৰাম দাসে দৌৰে দৈনিক ১০ কিলোমিটাৰ পথ। প্ৰায় ছয় দশকৰ এই নিৰৱচ্ছিন্ন সময়ত তেওঁ ১,০০০ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়াৰ সৌভাগ্য লাভ কৰিছে। তেওঁৰ প্ৰশিক্ষণত বহু খেলুৱৈয়ে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিছে। কেৱল খো-খোৱেই নহয়, অন্ধুৰাম দাসে বহু ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ দি আহিছে এথলেটিকছৰো প্ৰশিক্ষণ। তেওঁৰ প্ৰশিক্ষণত মীনা বৰদলৈয়ে ২০০৮ চনত থাইলেণ্ডত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি ১০,০০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰাৰ লগতে আন দুটা শাখাত ৰূপৰ পদক জয় কৰিছিল। এই সফলতা অন্ধুৰাম দাসৰ প্ৰশিক্ষণৰ এক উজ্জ্বল নিদৰ্শন।
৮৫টা বসন্ত গৰকা অন্ধুৰাম দাসে আজিও নিয়মিত ব্যায়াম কৰে, স্বাস্থ্যসচেতন জীৱনশৈলী অনুসৰণ কৰে আৰু সমাজৰ ক্ৰীড়া উন্নয়নৰ সৈতে জড়িত হৈ থাকে। তেওঁৰ দৈনিকপঞ্জীয়ে প্ৰমাণ কৰে যে নিষ্ঠা, অধ্যৱসায়, শৃংখলা আৰু সমাজৰ প্ৰতি দায়বদ্ধতা থাকিলে এজন সাধাৰণ শিক্ষকেও অসাধাৰণভাৱে ইতিহাস ৰচনা কৰিব পাৰে। অন্ধুৰাম দাসৰ কাহিনীয়ে এইটোকে প্ৰমাণ কৰে যে সফলতাৰ কোনো বয়স নাথাকে, থাকিব লাগে কেৱল ইচ্ছাশক্তি, নিষ্ঠা আৰু অধ্যৱসায়।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Runner Athletic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
Next Post
আমেৰিকাৰ ট্ৰাম্প চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, বিদেশীসকলৰ বাবে বন্ধ কৰিলে এই সুবিধা

আমেৰিকাৰ ট্ৰাম্প চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, বিদেশীসকলৰ বাবে বন্ধ কৰিলে এই সুবিধা

বিশ্ববাসীৰ সন্মুখত লাজতে নাক কটা গ’ল আমেৰিকাৰ! ফুটবল বিশ্বকাপৰ মাজতে হ’ল এই ঘটনা

বিশ্ববাসীৰ সন্মুখত লাজতে নাক কটা গ'ল আমেৰিকাৰ! ফুটবল বিশ্বকাপৰ মাজতে হ'ল এই ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.