নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা
সততে পোৱা হালধীয়া হালধিৰ বিষয়েই জানে সকলোৱে। কিন্তু এই ধৰাত পোৱা যায় এক বিশেষ নীলা ৰঙৰ হালধিয়ো। ভাৰতৰ কংগ্ৰেছ দলৰ আগশাৰীৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে খায় সেই বিশেষ নীলা হালধি। এই বিষয়ে জানি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা।
সংসদৰ শীতকালীন অধিৱেশনৰ পিছত অনুষ্ঠিত পৰম্পৰাগত চাহ মেলৰ সময়তে প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে নীলা হালধিৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰা দেখা গৈছিল।
প্ৰিয়ংকা গান্ধীয়ে প্ৰকাশ কৰে যে তেওঁ নীলা হালধি সেৱন কৰে। বহুতো উপকাৰিতা আৰু প্ৰদূষণৰ পৰা ৰক্ষা পাবলৈ ইয়াক খাদ্য তালিকাত বিশেষভাৱে অন্তৰ্ভুক্ত।
হালধীয়া হালধিৰ বিষয়ে আমি সকলোৱে জানো; ই আমাৰ পাকঘৰৰ এটা গুৰুত্বপূৰ্ণ অংশ। কিন্তু জানি আচৰিত হব নীলা হালধিয়ো স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াক বহুতে ক’লা হালধি বুলিও কয়। এই হালধিৰ ৰং গাঢ় নীলা আৰু ইয়াৰ বাকলি ক’লা হোৱা দেখা যায়।
নীলা হালধিক বৈজ্ঞানিকভাৱে Curcuma cassia বুলি জনা যায়। উত্তৰ-পূব ভাৰত আৰু অন্ধ্ৰপ্ৰদেশত ইয়াৰ খেতি কৰা হয়। হালধীয়া হালধিৰ দৰে ইয়াৰ বৃদ্ধি হ’বলৈ ৯ মাহ সময় লাগে আৰু ইয়াক ঔষধি হিচাপেও ব্যৱহাৰ কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে আৰু ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণে শৰীৰক বহু উপকাৰ প্ৰদান কৰে।
বিষৰ পৰা উপশম – ইয়াৰ বিষ তথা প্ৰদাহ নিবাৰণকাৰী গুণৰ বাবে ইয়াক সেৱন কৰা হয়। বিশেষকৈ গাঁঠিৰ বিষৰ পৰা উপশম পাবলৈ এই হালধি বিশেষ ফলপ্ৰসূ।
পেটৰ বাবে উপকাৰী – পেটৰ সমস্যাৰ বাবেও নীলা হালধি বহু উপকাৰী। ইয়াক সেৱন কৰিলে পেটৰ সমস্যা বিশেষকৈ কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায়।
বয়স প্ৰতিৰোধী – এই হালধিত ফেনলিক যৌগ আৰু কেটেচিন থাকে। এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি হোৱাৰ বাবে নীলা হালধিয়ে অক্সিডেটিভ চাপ হ্ৰাস কৰে, যাৰ ফলত বয়স বৃদ্ধিৰ গতি লেহেমীয়া হয়।
ঋতুভিত্তিক চৰ্দিক নিয়ন্ত্ৰণত ৰাখে – এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ নীলা হালধিয়ে ঋতুভিত্তিক চৰ্দি লাঘৱ কৰাত সহায় কৰে। বিশেষকৈ শীতকালত ই বহু উপকাৰী।
ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে – নীলা হালধি সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। গতিকে প্ৰদূষণৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলে বিশেষভাৱে এই হালধি সেৱন কৰিব লাগে।
ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে – নীলা হালধিৰ এটা বিশেষ উপকাৰী গুণ হ’ল ইয়াৰ এন্টি-ডায়েবেটিক গুণ, যিয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰি ৰাখে।
ছাল উজ্জ্বল কৰে – ঔষধি গুণেৰে ভৰপূৰ নীলা হালধি ছালৰ স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াত কেটেচিন থাকে যিয়ে UVB-প্ৰৰোচিত বয়স বৃদ্ধিৰ গতি লেহেমীয়া কৰে, ব্ৰণৰ পৰা উপশম দিয়ে আৰু ছাল উজ্জ্বল কৰে।
পাছে কেনেকৈ ব্যৱহাৰ কৰিব তথা খাব এই নীলা হালধি- নীলা হালধি বিভিন্ন ধৰণে সেৱন কৰিব পাৰি। ইয়াক শাক-পাচলি, চূপ বা মিহিকৈ কাটি গাৰ্নিচ হিচাপে ব্যৱহাৰ কৰিব খাব পাৰি। ইয়াক পানীত সিজাই চাহ হিচাপেও খাব পাৰি। ইয়াক গাখীৰত মিহলাইয়ো সেৱন কৰিব পাৰি। কিন্তু এই নীলা হালধি খোৱাৰ সময়ত সাৱধান হওক, যাতে ই অতিমাত্ৰা নহয়। যিকোনো বস্তুৰ অতিৰিক্ততা বেয়া। অথবা ডক্তৰৰ পৰামৰ্শ লওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















