মুকালমুৱাৰ পৰা আছিক আহমেদঃ ৰাজ্যত পুনৰ সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। বৰপেটা জিলাৰ পালহাজীত কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ দূৰ্নীতিগ্ৰস্ত সুলভ মূল্যৰ দোকানীৰ। মংগলবাৰে পালহাজীৰ গৰৈমাৰী পথাৰত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা।
সূলভ মূল্যৰ দোকানৰ এজেন্ট ছবিয়া খাতুনৰ পৰিয়ালে কৰে এই আক্ৰমণ। আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সাংবাদিক শ্বেখ ৰহমতুল্লাহ। এজেন্ট ছবিয়া খাতুনৰ স্বামী আলেপ খান আৰু তেওঁৰ পুত্ৰ বাবুল খানে শাৰীৰিকভাৱে সাংবাদিক শ্বেখ ৰহমতুল্লাহক আক্ৰমণ কৰি আহত কৰে।
হিতাধিকাৰী ছানিয়াৰা বেগমৰ নামত ২০১৩ চনৰ পৰাই ৰেচনকাৰ্ড আছে যদিও তেওঁৰ নামত আৱন্টিত সামগ্ৰীখিনি নিদি সূলভ মূল্যৰ এজেন্ট ছবিয়া খাতুনে সমুদায় সামগ্ৰী আত্মসাৎ কৰি অহাৰ অভিযোগ উঠিছিল।
এই দুৰ্নীতি সন্দৰ্ভত মংগলবাৰে ভুক্তভোগী আৰু স্থানীয় একাংশ ৰাইজৰ সন্মুখত এদল সাংবাদিকৰ সৈতে সাংবাদিক শ্বেখ ৰহমতুল্লাহই তথ্য সংগ্ৰহ কৰি থকাৰ সময়তে এজেন্ট ছবিয়া খাতুনৰ স্বামী আলেপ খান আৰু সূত্ৰ বাবুল খানে অতৰ্কিতে আক্ৰমণ কৰি আহত কৰে। আক্ৰমণত সাংবাদিক স্বেখ ৰহমতুল্লাহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক ততাতৈয়াকৈ পালহাজী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে ভৰ্তি কৰোৱা হয়।
এই সন্দৰ্ভত বৰপেটা থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ছানিয়াৰা খাতুনৰ স্বামী আব্দুল খালেকে। ইয়াৰ পিছতে বৰপেটা সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰিছে। ইফালে আহত সাংবাদিক শ্বেখ ৰহমতুল্লাহেও আৰক্ষীৰ থানাত অন্য এক গোচৰ ৰুজু কৰিছে।
আক্ৰমণকাৰী আলেপ খান, বাবুল খান আৰু দূৰ্নীতিগ্ৰস্ত সুলভ মূল্যৰ এজেন্ট ছবিয়া খাতুনৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে বৰপেটাৰ বিভিন্ন দল, সংগঠন ও সাংবাদিক সংগঠনে।
এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱে। ক্লাৱৰ সভাপতি আজিজুল হকে সাংবাদিক ৰহমত উল্লাহৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণকাৰীক শীঘ্ৰেই কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













