অসম লাইভ ২৪ঃ নগাঁও এনকাউণ্টাৰ কাণ্ডৰ পিছতো মুখেৰে জুই বৰিষে আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷
এই জুই জ্বলিছে আৰু জ্বলিবই বুলি উষ্মা প্ৰকাশেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মংগলবাৰে সাংবাদিকৰ আগত কয় যে ৰাজ্যত অপৰাধ নিয়ন্ত্ৰণৰ বাবে কেৱল পুলিচগিৰিয়ে নহয়, মিলেটাৰীগিৰিও চলিব৷
এইদৰে হুংকাৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে ড্ৰাগছ মাফিয়াক মাতি নি ৰাজীৱ ভৱনত সম্বৰ্ধনা নিদিয়ে কিয় বুলিও কংগ্ৰেছক কটাক্ষ কৰে৷
কংগ্ৰেছক তুলাধুনা দি মুখ্যমন্ত্ৰীয়ে অপৰাধীৰ সপক্ষে থিয় দিয়া ৰাজ্যৰ প্ৰথমটো ৰাজনৈতিক দল বুলিও কংগ্ৰেছক অভিহিত কৰে৷
ইফালে ড্ৰাগছ মাফিয়াই অসমত বৃহৎ পৰিমাণৰ ধন ফাইনেন্স কৰি আহিছে বুলি মন্তব্য কৰি নগাঁও এনকাউন্টাৰ কাণ্ডৰ ভুক্তভোগী কীৰ্তি কমল বৰাৰ আলম লৈ কংগ্ৰেছসহ বিৰোধীয়ে ড্ৰাগছ মাফিয়াক ৰক্ষণেবেক্ষণ দিব বিচাৰিছে বুলিও গুৰুতৰ অভিযোগ কৰে মুখ্যমন্ত্ৰীয়ে।
কীৰ্তি কমল বৰাৰ কাণ্ডৰ তদন্ত দিয়া হৈছে আৰু এই কাণ্ডত জড়িত দোষীয়ে শাস্তি লাভ কৰিবই বুলি দৃঢ়তাৰ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শর্মাই৷
‘‘সেইবুলি মই ড্ৰাগছৰ বিৰুদ্ধে অভিযান বন্ধ কৰিব নোৱাৰো৷ ৫ বছৰৰ ভিতৰত এটাও যাতে ড্ৰাগছৰ ঘটনা নাহে, তাৰবাবে মই আৰক্ষীক নিৰ্দেশ দিছো৷’’ মুখ্যমন্ত্ৰী শৰ্মাই কয়৷
ইফালে ছোৱালীৰ সতীত্ব হৰণ কৰিবলৈ যোৱা, ডাঙৰক অপমান কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা হ’বই বুলি মন্তব্য কৰি নগাঁৱৰ ঘটনাক বাদ দি কোনটো কাম বেয়া হৈছে বুলিও সাংবাদিকক প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ