অসম লাইভ ২৪ঃ বলিউদৰ এসময়ৰ মোহময়ী অভিনেত্ৰী শিল্পা ছেত্ৰী আৰু হলিউদৰ তাৰকা অভিনেতা ৰিছাৰ্ড গেৰেৰ বিতৰ্কিত চম্বন কাণ্ডৰ এক অপৰাধ সংক্ৰান্তীয় গোচৰৰ পৰা ৰেহাই দিয়া হৈছে শিল্পা ছেত্ৰীক৷
মংগলবাৰে মুম্বাইৰ মেট্ৰ’পলিটান আদালতে শিল্পা ছেত্ৰীক উক্ত কাণ্ডৰটোৰ এগৰাকী ভুক্তভোগী বুলি অভিহিত কৰি অপৰাধ সংক্ৰান্তীয় গোচৰটোৰ পৰা ৰেহাই প্ৰদান কৰিছে৷
উল্লেখ্য যে ২০০৭ চনৰ ৰাজস্থানৰ আলৱাৰত আয়োজিত এক AIDS সংক্ৰান্তীয় সজাগতামূলক অনুষ্ঠানৰ মঞ্চতে ৰিছাৰ্ড গেৰেই শিল্পা ছেত্ৰীক সাৱটি ধৰি ডিঙিত চুম্বন কৰিছিল আৰু এই ঘটনাটোৱে সমগ্ৰ দেশজুৰি বিতৰ্কৰ জোৱাৰ তোলে৷
ইয়াৰ পিছতে উক্ত ঘটনাৰ সন্দৰ্ভত ৰাজস্থানৰ মুণ্ডাৱাৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৰিছাৰ্ড গেৰে আৰু শিল্পা ছেত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়৷
ভাৰতীয় দণ্ডবিধি আইনৰ ধৰাৰ ২৯২, ২৯৩, ২৯৪, তথ্য প্ৰযুক্তি আইন আৰু মহিলাৰ অশালীন প্ৰতিনিধিত্ব (নিষিদ্ধকৰণ) আইন, ১৯৮৬ৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছিল৷
পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ অনুমোদন সাপেক্ষে এই গোচৰটো মুম্বাইলৈ হস্তান্তৰৰ কৰা হয়৷ শিল্পা ছেত্ৰীয়ে গোচৰটোৰ পৰা তেওঁক ৰেহাই দিবলৈ মুম্বাইৰ মেট্ৰ’পলিটান আদালতত আবেদন কৰে৷
উক্ত আবেদনত শিল্পাৰ অধিবক্তা মধুকৰ ডাল্ভীয়ে কয় যে ৰিচাৰ্ড গেৰেই চম্বন কৰাৰ সময়ত শিল্পা ছেত্ৰীয়ে কোনো আপত্তি কৰা নাছিল আৰু ইয়াকে লৈ অযথা বিতৰ্ক কৰাৰ হৈছিল৷ ঘটনাটোৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ দাখিল কৰা হৈছিল৷
ইয়াৰ পিছতে মংগলবাৰে মুম্বাই মেট্ৰ’পলিটান আদালতে উক্ত গোচৰটোৰ পৰা শিল্পা ছেত্ৰীক ৰেহাই প্ৰদান কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ