দৈনন্দিন জীৱনত নিজৰ অজ্ঞাতেই আমি নানান ভুল কৰি থাকো৷ যাৰ ফলত সৃষ্টি হয় বাস্তুদোষ৷ আৰু ঘৰত যদি বাস্তু দোষ লাগে তেন্তে জীৱনত নানান সমস্যা আহে৷ যেনে অৰ্থ সমস্যা, পাৰিবাৰিক সমস্যা, সন্তানৰ ভৱিষ্যতক লৈ সমস্যা আনকি দাম্পত্য জীৱনতো সমস্যাৰ সৃষ্টি হয়৷ কিছু ভুল আছে ৰান্ধনীঘৰতো যাৰ ফলত ঘৰত বাস্তুদোষৰ সৃষ্টি হয় বুলি ধাৰণা কৰিছে বাস্তুবিদে৷
জানি থওক ৰান্ধনীশালত কি কি ভুল নকৰিব
১. প্ৰথমেই চাব লাগিব যিকোনো ঔষধ ৰান্ধনীশালত নাৰাখিব৷ বহু সময়ত দেখা যায় নিজৰ সুবিধাৰ বাবে ঘৰৰ মহিলাসকলে ঔষধ ৰান্ধনিশালত ৰাখে৷ কিন্তু এই ধৰণে ৰখা একেবাৰেই উচিত নহয়৷ ইয়াৰ ফলত ঘৰত বাস্তুদোষ লাগে৷
৩. ৰান্ধনিশালত কেতিয়াও যাতে নিমখ আৰু চেনী শেষ নহয় সেই কথাত গুৰুত্ব দিব৷ একেবাৰে শেষ হোৱাৰ পূৰ্বেই কিনি আনক৷
৪. নিমখ আৰু চেনীৰ টেমাত লং ৰাখিব৷
৫. খুব বেছি ভগা বাচন ৰান্ধনিশালত নাৰাখিব৷ ভঙা সামগ্ৰী যাতে ঘৰৰ পৰা দ্ৰুতভাৱে পেলাই দিয়ে৷ ৰান্ধনিশালত ভঙা সামগ্ৰী ৰাখিলে বাস্তোদোষৰ আশংকা থাকে৷
৬. ৰান্ধনিশালত লেতেৰা বাচন পেলাই থোৱাৰ অভ্যাস ত্যাগ কৰক৷ বিশেষকৈ নিশা বাচন পৰিষ্কাৰ কৰিহে শোব৷
৭. ৰান্ধনিশালত কেতিয়াও মুখামুখি দুখন দুৱাৰ ৰখা উচিত নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ