অসম লাইভ২৪ঃ বিশেষ অনুষ্ঠান বাতিল কৰিছে ৰাম মন্দিৰ তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে। আগন্তুক ১৭ জানুৱাৰীত এটা বিশেষ শোভাযাত্ৰাৰ আয়োজন কৰা হৈছিল অযোধ্যাত। তাতেই প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে ৰামৰ দৰ্শনৰ সুযোগ লাভ কৰিলেহেতেন ভক্তসকলে। সমগ্ৰ চহৰজুৰি ৰামলালৰ মূৰ্তিক লৈ পদযাত্ৰাৰ আয়োজন কৰাৰ পৰিকল্পনা আছিল ট্ৰাষ্টৰ। কিন্তু নিৰাপত্তাৰ দিশলৈ লক্ষ্য ৰাখি সেই পদযাত্ৰা বাতিল কৰাৰ কথা ঘোষণা কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টে।
কেনেকৈ ৰামলালৰ দৰ্শন লাভ কৰিব?
পদযাত্ৰা বাতিল কৰিলেও ৰাম মন্দিৰ ট্ৰাষ্টে নিৰাশ কৰিব খোজা নাই কোনো ভক্তকেই। নিৰ্ধাৰিত দিনটোতেই জন্মভূমি প্ৰাংগনৰ ভিতৰত ৰামলালাৰ নৱনিৰ্মিত মূৰ্তি দৰ্শনৰ সুযোগ লাভ কৰিব ভক্তই। ১৭ জানুৱাৰীত ৰাম জন্মভূমিৰ ভিতৰত ৰামৰ মূৰ্তি প্ৰতিষ্টা কৰা হ’ব। ট্ৰাষ্টৰ এগৰাকী উচ্চপদস্ত অধিকাৰীয়ে জনোৱামতে ভীৰৰ কথা ভাৱিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টে। অযোধ্যাৰ চিটি ট্যুৰ বাতিল কৰি জন্মভূমিৰ প্ৰাংগনৰ ভিতৰতেই ৰামৰ মূৰ্তি লৈ শোভাযাত্ৰা কৰা হ’ব। সেই স্থানত অৱশ্যে মোতায়েন কৰা থাকিব পৰ্যাপ্ত নিৰাপত্তাৰক্ষী।
সোমবাৰে কাশীৰ আচাৰ্য আৰু উচ্চপদস্ত প্ৰশাসনিক অধিকাৰীসকলৰ সৈতে ১৭ জানুৱাৰীৰ অনুষ্ঠানক লৈ বিশেষ বৈঠক অনুষ্ঠিত কৰিছে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে। ইয়াৰপাছতেই অনুষ্ঠান বাতিলৰ সিদ্ধান্ত লোৱা হয়। অযোধ্যাৰ জিলা শাসকৰ মতে ৰামৰ দৰ্শন পাবলৈ স্থানীয় লোকেই নহয়, বিদেশৰ পৰাও ৰাম ভক্তসকল আহিছে। ফলত মাত্ৰাধিক ভিৰ হোৱাৰ আশংকা কৰা হৈছে। সাধাৰণ মানুহৰ নিৰাপত্তাৰ কথা ভাৱিয়েই ১৭ জানুৱাৰীত ৰামৰ অযোধ্যা চিটি ট্যুৰৰ অনুষ্ঠান বাতিল কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ