অসম লাইভ২৪ঃ হেপাঁহেৰে তেওঁ আকি দিছিল এটা চুমা। কিমান আন্তৰিকতাৰে তেওঁ আঁকি দিছে চুমা, নোলোৱাকৈ কেনেকৈ থাকে? কিন্তু এই চুম্বন আশীৰ্বাদ হ’লনে অভিশাপ? এটা চুমা আৰু এজন ৰাজনৈতিক নেতাৰ ভৱিষ্যত! এই সমগ্ৰ বিষয়টোক লৈ এতিয়া ৰাজ্যজুৰি চলিছে চৰ্চা।
মৌলনা বদৰুদ্দিন আজমলৰ চুম্বন লাভ কৰিয়েই বহিষ্কাৰ হ’ল এজন কংগ্ৰেছী নেতা। কংগ্ৰেছ মহলত এতিয়া এই বিষয়টো লৈয়েই ব্যাপক চৰ্চা। এটা ৰাজনৈতিক দলৰ নেতা হৈ আন ৰাজনৈতিক দলৰ নেতাৰ ৰাজহুৱা চুম্বন কৰিছিল আজমলে। এই চুমাটোৰ পাছতেই বহিষ্কাৰ হ’ল কংগ্ৰেছী নেতা। এই ঘটনা বকো সমষ্টিৰ সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহজাহান আলীৰ লগত সংঘটিত হৈছে।
উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা জিলা পৰিষদৰ সদস্য ছাহজাহান আলীক ৬ বছৰৰ বাবে বহিস্কাৰৰ জাননী প্ৰেৰণ কৰা হৈছে৷ ৭ ডিচেম্বৰত AIUDF প্ৰধান বদৰুদ্দিন আজমলে সোণতলীস্থিত ছাহজাহান আলীৰ ঘৰত উপস্থিত হৈ চাহ-জলপান খাইছিল। আহাৰ গ্ৰহণ কৰি ওলাই অহাৰ সময়তে আজমলে ছাহজাহান আলীক ৰাজহুৱাভাৱে চুম্বন কৰে৷ এই চুমাৰ পাছতেই জোকৰণিৰ সৃষ্টি হৈছিল কংগ্ৰেছৰ ভিতৰচৰাত।
শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে জিলা পৰিষদৰ সদস্য ছাহজাহান আলীক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা ৬ বছৰৰ বাবে বহিস্কাৰ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ