হঠাতে ৰাজপথত হাতে হাতে লাঠি লৈ ওলাই আহিল মহিলাৰ জাক, পৰিস্থিতি দেখি পুৰুষৰ পলায়ন
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, যি ভিডিঅ’ দেখি বহু লোকেই বিভিন্ন মন্তব্য কৰিছে। ভিডিঅ’টোত দেখা অনুসৰি এজাক মহিলা ওলাই আহিছে হাতে হাতে লাঠি লৈ।
মহিলাৰ তেনে ৰনচণ্ডী ৰূপ দেখা সেই স্থানৰ পৰা আঁতৰি গৈছে পুৰুষ। সকলো মহিলাৰে হাতত একো একোডাল ডাঙৰ ডাঙল লাঠি। পাছে কি কাৰণে তেনেদেৰ ওলাই আহিল মহিলাৰ জাক!
এই ঘটনা উত্তৰ প্ৰদেশৰ বাঘপাটৰ । এই চাঞ্চল্যকৰ ভিডিঅ’টোত দুটা দলৰ মহিলাই ইগৰাকীয়ে সিগৰাকীক লাঠিৰে কোবোৱা দেখা গৈছে। বিষয়টো বাঘপাটৰ ডোঘাট নগৰৰ পট্টি টিৰোছিয়াৰ।
https://x.com/shrahultotal/status/1854400632352035045
জানিব পৰা মতে, উচ্চ স্বৰত গান বজোৱাক লৈ এইদৰে উত্তাল হৈ পৰে পৰিস্থিতি। পিছলৈ ইমানেই অধিক বেয়া হৈ পৰে যে, হাত লাঠি লৈ ওলাই আহে মহিলা। ভিডিঅ’টোত দেখা পোৱা অনুসৰি একাংশ বৃদ্ধাও ওলাই আহে লাঠি লৈ।
এই যুঁজত পুৰুষসকলক দৰ্শক হিচাপে দেখা যায় আৰু যুঁজখন উপভোগ কৰা দেখা যায়, কোনো পুৰুষে আঁতৰি যাৰ সেই স্থানৰ পৰা। বৰ্তমানে বিষয়টো আৰক্ষীৰ কাষ চাপিছে। কেইবাগৰাকী মহিলা এই আক্ৰমণত আহত হৈছে।।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















