bakra-eid-2024-agra-mandi-goat-of-more-than-one-and-half-lakhs
ছেলফী লবলৈ হেতাওপৰা, লাখৰ ঘৰত এই বিশেষ ছাগলীটোৰ দাম
১৭ জুনত ঈদ উল আজহা অৰ্থাৎ বকৰী ঈদ পালন কৰা হ’ব, যাৰ বাবে এতিয়া বজাৰত ভিৰ কৰিছে বিভিন্ন ধৰণৰ দামী দামী ছাগলীৰে। ১০ হাজাৰ টকাৰ পৰা ২ লাখ পৰ্যন্ত উঠিছে ছাগলীৰ দাম। তাৰে মাজৰ এনে কিছু ছাগলীয়ো আছে, যাৰ সৈতে এখন চেলফি উঠিবলৈ হেতাউপৰা লগাইছে মানুহে।
দেশৰ ঠায়ে ঠায়ে এতিয়া ঈদ বিশেষ বজাৰ বহা দেখা গৈছে। আগ্ৰাতো বিশেষ বজাৰ বহাা দেখা গৈছে । ইয়াত প্ৰতি বছৰে বকৰী ঈদৰ উৎসৱত লাখ লাখ টকাৰ ছাগলী ক্ৰয় কৰা হয়। এইবাৰো বজাৰত সৰ্বাধিক মূল্যৰ ছাগলী ১.৫৫ লাখ টকা।
দুটা ছাগলীৰ দাম ২.৫০ লাখ টকাত ৰখা হৈছে। লাখ টকা মূল্যৰ এই ছাগলীটো চাবলৈ ভিৰ কৰা লোকৰ সমাগম হোৱাৰ বিপৰীতে বজাৰতে একাংশ লোকে ছাগলীটোৰ সৈতে চেলফি লোৱা দেখা গৈছে।
ছাগলী বিক্ৰেতাৰ লগত এই বিষয়ে কথা পাতোতে ছাগলীটো সন্দৰ্ভত কয় যে, এই ছাগলীটোৱে পিয়াহ লাগিলে ঠাণ্ডা পানীয় খায়, আৰু ভোকত থাকিলে নিৰ্বাচিত কুঁহিয়াৰৰ উপৰিও ফলমূল, কাজু আৰু আলমণ্ড খায়। এই কাৰণেই ছাগলীটো স্বাস্থ্যবান আৰু ইয়াৰ দাম লাখ লাখ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ