সন্ধানহীন লোক কেইজনৰ মৃত্যুৰ আশংকা, এই পৰ্যন্ত নাই কোনো খবৰ
কালি ২৬ মাৰ্চ তাৰিখৰ আমেৰিকাৰ বাল্টিমোৰ দলং ভাঙি পৰাৰ ঘটনাই বৰ্তমানেও পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে। তাচপাতৰ দৰে চকুৰ সমুখতে মুহুৰ্ততে খহি পৰা দলং খনৰ লগতে পানীত পৰি যায় কেইবাগৰাকী শ্ৰমিক।
এখন জাহাজে খুন্দা মৰাৰ ফলতে ভাঙি গৈছিল দলংখন । দুৰ্ঘটনাটোৰ সময়ত দলং খনৰ ওপৰত সৌভাগ্যক্ৰমে নাছিল কোনো বাহন ।
১৯৭৭ চনতে নিৰ্মাণ হোৱা এই দলংখন আছিল আমেৰিকাৰ বহু স্মৃতিৰ থলী। এতিয়া ৰাষ্ট্ৰপতি জো বাইডেনে যিমান পাৰি সোনাকালে দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ছিংগাপুৰৰ পৰা শ্ৰীলংকা অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল জাহাজ খনে। কিন্তু বাল্টিমোৰ দলং পোৱাৰ আগে আগে কোনো বিজুতিয়ে দেখা দিয়ে জাহাজখনত। লগে লগে খবৰ কৰা হয় বাল্টিমোৰ দলং কৰ্তৃপক্ষক।
যাৰ বাবে সুৰক্ষাকৰ্মীয়ে লগে লগে যাতায়ত বন্ধ কৰি দিয়ে দলংখনৰ পৰা। আৰু শেষত দলং খনৰ এটা খুন্দাত প্ৰচন্দ জোৰে খুন্দা মাৰে জাহাজখনে।
যি দুৰ্ঘটনাৰ ফলতে কেইবাগৰাকী শ্ৰমিক পানীত পৰি যায়। ঘটনাৰ ১৮ ঘণ্টাৰ পাছতো বহু উদ্ধাৰ কাৰ্য কৰিয়ো কতো কোনো ধৰণৰ খা-খবৰ লাভ কৰা নাই তাৰেই ভিতৰৰ ৬ জনকৈ শ্ৰমিকৰ । অতিমাত্ৰা শীতল পানীৰ মাজত ছয়োজনে প্ৰাণ হেৰুৱা বুলি সন্দেহ উদ্ধাৰকাৰী দলৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















