শিহৰণকাৰী, গুজৰাটৰ মেডিকেল কলেজৰ পাছত এইবাৰ বাংলাদেশৰ কলেজ বিল্ডিঙত বিমান দুৰ্ঘটনা
গুজৰাটৰ ১২ জুন তাৰিখে সংঘটিত হোৱা বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্বকে কম্পিত কৰি তুলিছিল। এখন এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্থ হৈ কেইবাটাও বিল্ডিঙৰ লগতে শেষত মেডিকেল কলেজ কেম্পাছৰ এটা বিল্ডিঙত বজি ধৰে। যাৰ ফলত প্ৰাণ হেৰুৱাই ২৩০ গৰাকী যাত্ৰী, ১২ ক্ৰিউ মেম্বাৰ লগতে ১৯ মেডিকেল কলেজৰ অন্যান্য লোক।
সেই ঘটনাৰ পাছত আজি ২১ জুলাই তাৰিখে সংঘটিত হৈছে তেনেই এক সাদৃশ্য থকা দুৰ্ঘটনা। এইবাৰ স্থান বাংলাদেশৰ ঢাকা। দিনৰ প্ৰায় ১.৩০ বজাত বাংলাদেশ বায়ুসেনাৰ এখন প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। ঢাকাৰ উত্তৰ অঞ্চলৰ এখন বিদ্যালয়- কলেজ চৌহদত দুৰ্ঘটনাগ্ৰস্ত হয় এফ ৭ বিমানখন।
প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি এই দুৰ্ঘটনাত বৰ্তমানলৈ ১ জন লোকৰ মৃত্যু হোৱাৰ খবৰ সদৰি হৈছে লগতে আন ১০০ৰো অধিক লোক আহত হৈছে। আহত সকলোলোককে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
বিয়লি ঢাকাৰ উত্তৰা অঞ্চলৰ মাইলষ্টোন স্কুল এণ্ড কলেজৰ চৌহদত এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ সময়ত শিক্ষনুষ্ঠানখনত বহু ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল। দুৰ্ঘটনাৰ বহু ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
বাংলাদেশ সেনাৰ জনসংযোগ কাৰ্যালয়ে এক চমু বিবৃতিত নিশ্চিত কৰিছে যে দুৰ্ঘটনাগ্ৰস্ত এফ ৭ বি জি আই বিমানখন বাংলাদেশ বায়ুসেনাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















