অসম লাইভ২৪ঃ বিয়া বা কোনো সামাজিক অনুষ্ঠানত ফুল-বেলুন আদি দি ঘৰ বা ভৱন সজোৱা হয়। এয়া পৃথিৱীৰ যি দেশতেই নহওক কিয় সকলোতে একেই। কিন্তু বাংলাদেশৰ এখন হাস্পতাল সজোৱা হ’ল কণ্ডমেৰে। সেয়াও এলাপেছা দিনত নহয়। বাংলাদেশৰ বিজয় উৎসৱত দেখা গ’ল এই দৃশ্য। এই ঘটনাৰ ছবি এতিয়া সমগ্ৰ বিশ্বজুৰি ভাইৰেল।
প্ৰকাশিত তথ্যমতে বাংলাদেশৰ বিজয় উৎসৱত ঢাকাৰ পৰা ৭৫ কিঃমিঃ দূৰত্বত অৱস্থিত এখন জিলা শৰিচপুৰৰ সদৰ হাস্পতালত দেখা গৈছে সেই ছবি। ছবিত দেখা অনুসৰি সজোৱাৰ বাবে বেলুনৰ সলনি হাস্পতালখনে ব্যৱহাৰ কৰিছে কণ্ডম।
অৱশ্যে এই ছবি ভাইৰেল হৈ পৰাৰ পাছতেই সদৰ হাস্পতালখনৰ বিৰুদ্ধে বহুতেই অভিযোগনামাও দাখিল কৰিছে। অভিযোগনামাৰ ভিত্তিতেই তদন্ত কমিটি গঠন কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ সময়ত হাস্পতালত উপস্থিত থকা জৰুৰী বিভাগৰ নাৰ্ছ ইনচাৰ্জ ৰেজাউল কৰিমক বৰ্খাস্ত কৰিছে হাস্পতাল কৰ্তৃপক্ষই। বৰ্খাস্ত কৰাৰ পাছতেই এই কাৰ্যৰ বাবে ৰেজাউলে ক্ষমা বিচাৰিছে।
আনহাতে একাংশ মুক্তিযুদ্ধাৰ পৰিয়ালে এই ঘটনাক ধিক্কাৰ দি কয় যে এই কাৰ্যকলাপেৰে মুক্তিযুদ্ধাক অপমান কৰা হৈছে। এই ঘটনাত জড়িতসকলৰো উচিত শাস্তি বিচাৰিছে মুক্তিযু্দ্ধাৰ পৰিয়ালে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ