অসম লাইভ২৪ঃ কণ্ঠশিল্পী দীপলিনা ডেকাক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে এজন লোকক। নিশা চানমাৰি থানাৰ আৰক্ষীয়ে আটক কৰে লোকজনক। মৃদুল কুমাৰ নাথ নামৰ যুৱকজনৰ আটক কৰিছে আৰক্ষীয়ে। দীপলিনা ডেকাক মানসিকভাৱে হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপন হৈছে ধৃত মৃদুলৰ বিৰুদ্ধে। বিগত এমাহ ধৰি মানসিক হাৰাশাস্তি চলাই আছিল মৃদুলে।
দীপলিনা ডেকাই এজাহাৰ দাখিল কৰাৰ পাছতেই দিয়া মন্তব্যত কয়, যে, মৃদুল কুমাৰ নাথ নামৰ লোকজনে এমাহ ধৰি দীপলিনাৰ সৈতে যোগাযোগ কৰিছিল। প্ৰথম অৱস্থাত সকলো স্বাভাৱিক আছিল। কাৰণ কণ্ঠশিল্পী হোৱা হেতুকে দীপলিনালৈ অনুৰাগীৰ ফোনকল প্ৰায়ে আহি থাকে। লোকজনে দীপলিনাৰ মেনেজাৰলৈ ফোন কৰি দীপলিনাক লগ কৰাৰ কথা কৈ আহিছিল।
সাধাৰণতে কামৰ বাবে প্ৰায়ে ঘৰৰ বাহিৰত থকা দীপলিনাই ঘৰত থকাৰ সময়ত লোকজনক মাতিবলৈ কৈছিল। দীপলিনাই এই সন্দৰ্ভত লগতে কয়, ‘এদিন লোকজনে ফোন কৰি মোৰ মেনেজাৰ কমলৰ সৈতে কাজিয়াত লিপ্ত হয়। অশ্লীল গালি-গালাজ। তাৰ পাছতেই এদিন দেউতাই ফোন কৰি কৈছিল যে এজন মানুহ আহিছে। তেতিয়া গম পাইছিলো যে সেই লোকজনেই গৈ ঘৰ ওলাল।’
এনেদৰে মানসিক হাৰাশাস্তি চলাই অহাৰ বাবেই দীপলিনাই দিয়া গোচৰৰ ভিত্তিত অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৃদুল নামৰ ব্যক্তিক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ