সময়ৰ সৈতে বাংলাদেশৰ সাংসদ আনোয়াৰুল আজিম হত্যাকাণ্ডৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ কলকাতালৈ চিকিৎসা কৰাবলৈ আহি প্ৰাণ হেৰুৱালে বাংলাদেশী সাংসদজনে৷ কলকাতাত চিকিৎসা কৰাবলৈ আহি কেনেকৈ মৃত্যুক সাবটিলে সেই নৃশংসতাৰ খবৰ শুনিলে শিঁয়ৰি উঠিব আপুনি৷ হলীউড-বলীউডৰ থ্ৰিলাৰ চিনেমাইয়ো হাৰ মানিব এই নৃশংসতাৰ ওচৰত৷ হত্যাৰ ঘটনাত ধৃত কচাই জিহাদক নেৰানেপেৰা জেৰা চলাই আৰক্ষীয়ে ওলিয়াইছে তথ্য৷ আনোয়াৰুলৰ দেহ মুঠ ৮০ টুকুৰা কৰি নিউটাউন, ভাঙড় এলেকাৰ নানান স্থানৰ জলাশয়ত দলিয়াই দিয়া হৈছিল৷
এই কামৰ বিনিময়ত লাভ কৰিছিল ৫০০০ টকা৷ ধৃত জিহাদে লগতে দিয়া স্বীকাৰোক্তিৰ পাছত একাংশৰ মত, যিসমূহ খণ্ডাংশ উদ্ধাৰ হৈছে সেয়া একেবাৰে গলি গৈছে৷ ইতিমধ্যেই কোনো জলচৰ প্ৰাণীৰ খাদ্যও হৈছে বহু খণ্ড৷ বিগত ১২ মেত কলকাতালৈ চিকিৎসা কৰাবলৈ আহিছিল ঝিনাইদহৰ সাংসদ আনোয়াৰুল আজিম৷ ১৩ তাৰিখে নিশা নিউটাউনৰ এটা ফ্লেটত হত্যা কৰা হয় আনোৱাৰুলক৷ দুদিন ধৰি নিখোঁজ হৈ থকাৰ পাছত তেওঁৰ হত্যা সম্পৰ্কে নিশ্চিত হয় আৰক্ষী৷
এই ঘটনাৰ তদন্তভাৰ অৰ্পন কৰা হয় চিআইডিৰ হাতত৷ হত্যাত জড়িত থকাৰ সন্দেহত বাংলাদেশৰ পৰা তিনিজনক গ্ৰেপ্তাৰো কৰা হয়৷ অন্যহাতে বনগাঁৰ পৰা গ্ৰেপ্তাৰ কৰা হয় জিহাদ আৰু ছিয়াম নামৰ দুই ব্যক্তিক৷ এওঁলোকৰ মাজত জিহাদ হৈছে কছাই৷ বাংলাদেশৰ বাসিন্দা হ’লেও জিহাদে মুম্বাইত থাকি কাম কৰে৷ জেৰাৰ অন্তত লাভ কৰা তথ্য অনুসৰি, সাংসদক হত্যা কৰাৰ বাবে তাৰ চুপাৰী দিয়া হৈছিল৷ মুম্বাইৰ পৰা কলকাতালৈ আহি কাম শেষ কৰাৰ পাছত বনগাঁ সীমান্ত হৈ বাংলাদেশলৈ পলাই যোৱাৰ বাবে সাঁজু হৈছিল জিহাদ৷
পলোৱাৰ সময়তে আৰক্ষীৰ হাতত ধৰা পৰে৷ হত্যাৰ পাছত সাংসদৰ দেহ টুকুৰা কৰি ভাঙৰে এলেকাৰ জলাশয়ত দলিয়াই দিয়া হয়৷ তাৰপাছতেই বৃহস্পতিবাৰে নিশা জলাশয়ত তালাছি চলাইয়ো এটা অংশ উদ্ধাৰ কৰিব নোৱাৰিলে৷ শুকুৰবাৰে ধৃতসকলক জেৰা কৰি আৰু এক চাঞ্চল্যকৰ তথ্য হাতত পৰিছে আৰক্ষীৰ৷ ভাইৰেল খবৰ অনুসৰি ৫০০০ টকা দিয়া হৈছিল জিহাদক৷ হত্যাৰ পাছতেই আনোৱাৰুলৰ দেহ ৮০ টুকুৰা কৰা হয়৷ মস্তিষ্ক সম্পূৰ্ণ গুড়ি কৰি দিয়া হয়৷ হাড়, মাংস, পৃথক কৰি কাটি হালধী সানি টুকুৰাবোৰ বিভিন্ন স্থানত পেলাই দিয়া হয়৷ যাৰবাবে দেহৰ অংশ বিচাৰি পোৱা কঠিন হৈ পৰিছে৷ তদন্তত পোহৰলৈ অহা অনুসৰি ২০০ কোটি টকাৰ চুপাৰি দি সাংসদ আনোয়াৰুলক হত্যা কৰোৱা হৈছে৷ এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড হৈছে ছাহিন৷ পূৰ্বেও একাধিকবাৰ সাংসদগৰাকীক হত্যাৰ ধমকি দিছিল ছাহিনে৷ প্ৰথমে ঢাকাৰ গুলছান আৰু পাছত কলকাতাৰ নিউমাৰ্কেটত বাহৰ পাতিছিল হত্যাকাৰী দলে৷ এইক্ষেত্ৰত ছাহিনৰ সংগী আছিল এগৰাকী নাৰী৷ ছাহিনৰ লগ দিছিল বান্ধৱী শিলাস্তিয়ে৷ শেষপৰ্যন্ত আনোয়াৰুলক শিলাস্তিৰ হালিট্ৰেপত পেলাই নিউটাউনৰ ফ্লেটত হত্যা কৰা হয় বুলি অনুমান কৰিছে তদন্তকাৰী দলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ