বাংলাদেশত পুনৰ তীব্ৰ সংঘৰ্ষ, ১৪ আৰক্ষীসহ ৯৭ জন নিহত, অনিৰ্দিষ্টকাললৈ কাৰ্ফিউ
পুনৰ হিংসাৰ দাৱানল ভাৰতৰ তথা অসমৰ চুবুৰীয়া দেশ বাংলাদেশত। অনিৰ্দিষ্টকাললৈ কাৰ্ফিউ জাৰি কৰা হৈছে দেশ খনত। বৰ্তমানলৈ তীব্ৰ সংঘৰ্ষৰ ফলত ১৪ জন আৰক্ষী সহ ৯৭ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়। বাংলাদেশৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত প্ৰতিবাদকাৰী আৰু শাসকীয় আৱামী লীগৰ সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ।
দেশখনত ইতিমধ্যে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি সমগ্ৰ দেশতে অনিৰ্দিষ্টকাললৈ কাৰ্ফিউ জাৰি কৰা হৈছিল। দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা দেশত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ মন্ত্ৰালয়ে। চৰকাৰী সংস্থাসমূহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ফেচবুক’, ‘মেচেঞ্জাৰ’, ‘ৱাটছএপ’ আৰু ‘ইনষ্টাগ্ৰাম’ বন্ধ কৰাৰ নিৰ্দেশ দিছে। প্ৰকাশ কৰা অনুসৰি মোবাইল প্ৰদানকাৰীক ৪জি ইণ্টাৰনেট বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
এই হিংসাৰ দাৱানলৰ মাজত আৱদ্ধ হৈ পৰিছে বহু ভাৰতীয়। ভাৰতৰ ফালৰ পৰা বাংলাদেশত বসবাস কৰা নাগৰিকসকলক যোগাযোগত থাকিবলৈ আৰু সজাগ হৈ থাকিবলৈ কোৱা হৈছে। ছাত্ৰ-ছাত্ৰীকে ধৰি ভাৰতীয়সকলক জৰুৰীকালীন অৱস্থাত +৮৮-০১৩১৩০৭৬৪০২ হেল্পলাইন নম্বৰত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থাৰ বিষয়ক লৈ চলি থকা হুলস্থুলক লৈ চৰকাৰৰ পদত্যাগ দাবী কৰা প্ৰতিবাদকাৰীসকলে দেওবাৰে ‘বৈষম্য বিৰোধী ছাত্ৰ’ৰ বেনাৰত আয়োজন কৰা ‘অসহযোগ কাৰ্যসূচী’ত অংশগ্ৰহণ কৰিবলৈ আহিছিল। আৱামী লীগ, ছাত্ৰ লীগ আৰু জুবো লীগৰ কৰ্মীসকলে তেওঁলোকৰ বিৰোধিতা কৰি তাৰ পিছত দুয়োটা দলৰ মাজত সংঘৰ্ষ হয়।
বিগত মাহত বাংলাদেশত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত ২০০ জন লোকৰ মৃত্যু হৈছিল। ইউনিচেফে কয় যে, “সেই সময়ত নিহত হোৱাসকলৰ ভিতৰত ৩২টা শিশুও আছিল। বহু শিশু আহত হৈছিল আৰু বহুতকে আটক কৰা হৈছিল। ইউনিচেফে এই হিংসাক গৰিহণা দিছে।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ