আজীৱন ভাৰততেই থাকিব খোজে তছলিমা নাছৰিণ৷ বাংলাদেশৰ পৰা নিৰ্বাসিত হোৱাৰ পাছতেই ভাৰতেই ঠিকনা লেখিকা তছলিমা নাছৰিণৰ৷ তেওঁ ভাৰতত বসবাসৰ বাবে পাৰমিট ৰিনিউ কৰাৰ আবেদন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত৷ এক্স হেণ্ডেলত তেওঁ আবেদন জনাই লিখিছে, ভাৰততেই যাতে তেওঁক থাকিবলৈ দিয়া হয়৷ বাংলাদেশী লেখিকা তছলিমা নাছৰিণে লিখা গ্ৰন্থৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল বাংলাদেশত৷ ১৯৯৮ চনত তেওঁৰ বিৰুদ্ধে ফতেয়া জাৰি কৰা হৈছিল৷ বাংলাদেশ এৰি তেতিয়াৰ পৰাই তেওঁ ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে৷ দীৰ্ঘসময় তেওঁ কলকাতাত আছিল৷ ইয়াৰপাছতেই ৰাজস্থানৰ জয়পুৰ হৈ শেষ পৰ্যন্ত দিল্লীতেই বসবাস কৰি আছে লং টাৰ্ম ৰেছিডেন্সি পাৰমিটত৷
তছলিমাৰ সেই পাৰমিটৰ ম্যাদেই শেষ হৈছে বিগত জুলাই মাহত৷ ইয়াৰপাছতেই তেওঁৰ পাৰমিট ৰিনিউ হোৱা নাই৷ যাৰবাবে ভাৰত এৰিব লাগিব বুলি ভয় খাইছে তছলিমাই৷ এক্স হেণ্ডেলত তছলিমা নাছৰিণে গৃহমন্ত্ৰী অমিত শ্বাহক টেগ কৰি লিখিছে, ‘অমিত শ্বাহজি নমস্কাৰ৷ মই ভাৰতত বসবাস কৰো কাৰণে এই দেশক মই ভালপাওঁ৷ বিগত ২০ বছৰ ধৰি এই দেশ মোৰ দ্বিতীয় ঘৰ৷ কিন্তু ২২ জুলাইৰ পৰা গৃহমন্ত্ৰালয়ে মোৰ ৰেচিডেন্স পাৰমিটৰ ম্যাদ বঢ়োৱা নাই৷ মই আপোনাৰ ওচৰত কৃতজ্ঞ হৈ থাকিম যদি তেওঁ মোক এই দেশত থাকিবলৈ দিয়ে৷’
উল্লেখ্য যে ছুইডিছ নাগৰিকত্ব থাকিলেও ২০১১ চনৰ পৰা ভাৰততেই বসবাস কৰি আছে তছলিমা নাছৰিণ৷ ইয়াৰ পূৰ্বেও তেওঁ ভাৰতত তেওঁৰ ৰেছিডেন্সি পাৰমিট বিচাৰি কেন্দ্ৰীয় কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ