আগন্তুক জুলাইত কেইবাদিনো বন্ধ থাকিব বেংক সেৱা৷ জুন মাহৰ দৰেই জুলাই মাহতো কেইবাটাও দিনত বন্ধ আছে বেংক পৰিসেৱা৷ জুলাই মাহত মুঠ ১০ দিনতকৈয়ো বেছু ছুটীৰ দিন আছে৷ প্ৰকৃততে আগন্তুক মাহত কেইবাটাও উৎসৱ আছে সেই কাৰণেই চৰকাৰী ছুটি থাকিব৷ এই ছুটিৰ দিনসমূহ ৰাজ্য অনুসৰি বেলেগ বেলেগ হয়৷
জুলাই মাহত মুঠ ৩ দিন বেংক বন্ধ থাকিব
জাতীয় আৰু আঞ্চলিক ছুটীৰ কাৰণে আগন্তুক মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে দিয়া বন্ধৰ তালিকা অনুসৰি প্ৰতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বেংক বন্ধ থাকে, ইয়াৰোপৰি প্ৰতি দেওবাৰে সাপ্তাহিক ছুটি থাকে৷ ইয়াৰোপৰি উৎসৱ উপলক্ষে বেংকসমূহ আৰু কেইবাদিনো বন্ধ থাকিব৷
ছুটিৰ সম্পূৰ্ণ তালিকা
- ৩ জুলাইঃ খাৰচি পূজা উপলক্ষে আগৰতলাত বেংক বন্ধ থাকিব৷
- ৫ জুলাইঃ গুৰু হৰগোবিন্দ জি’ৰ জন্মদিন উপলক্ষে বেংক বন্ধ থাকিব৷
- ৬ জুলাইঃ দেওবাৰ সাপ্তাহিক ছুটি৷
- ১২ জুলাইঃ মাহৰ দ্বিতীয় শনিবাৰ৷
- ১৩ জুলাইঃ দেওবাৰ সাপ্তাহিক ছুটি৷
- ১৪ জুলাইঃ বেহ দেনখলাম উপলক্ষে সমস্ত বেংক বন্ধ থাকিব৷
- ১৬ জুলাইঃ হৰেলা উৎসৱ উপলক্ষ্যে বেংক বন্ধ থাকিব৷
- ১৭ জুলাইঃ ইউ তিৰট সিংৰ মৃত্যুবাৰ্ষিকীত মেঘালয়ৰ সমস্ত বেংক বন্ধ থাকিব৷
- ১৯ জুলাইঃ কেৰ পূজাৰ বাবে আগৰতলা বা ত্ৰিপুৰাত বেংক বন্ধ৷
- ২০ জুলাইঃ দেওবাৰ সাপ্তাহিক ছুটি৷
- ২৬ জুলাইঃ মাহৰ চতুৰ্থ শনিবাৰ৷
- ২৭ জুলাইঃ দেওবাৰ সাপ্তাহিক ছুটি৷
- ২৮ জুলাইঃ গেংটকত দ্ৰুকপা তেশে জি উপলক্ষে বেংক ছুটি৷
বেংক বন্ধ থাকিলেও মোবাইল বেংকিং, এটিএম বা ইণ্টাৰনেট বেংকিং সুবিধাৰ মাধ্যমেৰে আৰ্থিক বা অ আৰ্থিক লেনদেন কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ