২৭ জুনত পালিত হৈছে জগন্নথৰ ৰথযাত্ৰা৷ জগন্নাথ, বলৰাম আৰু সুভদ্ৰাই এই দিনটোত মাহিয়েকৰ ঘৰলৈ যাত্ৰা কৰে৷ ওড়িশাৰ শ্ৰেষ্ঠ উৎসৱ ৰথযাত্ৰাক লৈ আনন্দিত এতিয়া সকলো৷ আমাৰ ৰাজ্যো ৰথযাত্ৰা কিছু কিছু লোকে পালন কৰে৷ শাস্ত্ৰ অনুসৰি জগন্নাথ হৈছে জগতৰ নাথ৷ অৰ্থাৎ তেওঁ এই পৃথিৱীক পালনকৰ্তা৷ শ্ৰীকৃষ্ণৰ আৰু এক ৰূপ হৈছে জগন্নাথ৷ ৰথযাত্ৰাৰ সময়তেই জানি থওক কোন কোন ৰাশিৰ জাতক জগন্নাথৰ সকলোতকৈ প্ৰিয় হয়৷ জ্যোতিষ গণনা অনুসৰি চাৰি ৰাশিৰ জাতকৰ ওপৰত তেওঁৰ বিশেষ কৃপাদৃষ্টি থাকে৷ এই ৰাশিৰ জাতকক সকলো বিপদৰ পৰাই তেওঁ ৰক্ষা কৰে৷ এই তালিকাত কোন কোন ৰাশিৰ জাতক আছে? জানি থওক৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক প্ৰভু জগন্নাথৰ অত্যন্ত প্ৰিয়৷ এওঁলোকৰ ওপৰত জগন্নাথৰ আশীৰ্বাদ বৰ্ষিত হয়৷ ফলত পৰিশ্ৰমী আৰু আত্মবিশ্বাসী হয় বৃষ ৰাশিৰ জাতক৷ এওঁলোকে যি কামেই কৰিম বুলি ঠিক কৰে সেই লক্ষ্যতেই তেওঁলোক অটল থাকে৷ জগন্নাথৰ আশীৰ্বাদচ এওঁলোকে সকলো কামতেই সাফল্য লাভ কৰে৷ পেছাগত জীৱনত উন্নতিৰ শীৰ্ষত উপনীত হয় এওঁলোক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ