ছিৰিয়াৰ মাৰ এলিয়াছ চাৰ্চত ভয়াৱহ আত্মঘাচী বিস্ফোৰণ৷ মৃত্যু কমেও ২০ গৰাকী লোক আৰু আহত হৈছে ৫২জন৷ এই বিস্ফোৰণত ISISৰ হাত থকাৰ আশংকা৷ ছিৰিয়াৰ ৰাজধানী দমাস্কাছৰ এটা চাৰ্চত দেওবাৰে প্ৰাৰ্থনা চলি থকাৰ সময়তে ভয়াৱহ আত্মঘাতী আক্ৰমণ ঘটে৷ ঘটনাৰ সময়ত চাৰ্চৰ ভিতৰত বহু মানুহ প্ৰাৰ্থনাত উপস্থিত আছিল৷
ব্ৰিটেইনৰ মানৱাধিকাৰ সংস্থা Syrian Observatory for Human Rightsয়ে জনাইছে যে হতাহতৰ প্ৰকৃত সংখ্যা আৰু বাঢ়িব পাৰে৷ স্থানীয় কিছু ৰিপৰ্টে দাবী কৰিছে যে শিশুসকলো এই নৃশংস আক্ৰমণৰ চিকাৰ হৈছে৷ প্ৰত্যক্ষদৰ্শীয়ে জনাইছে যে প্ৰথমে গুলি আৰু তাৰপিছতেই ভয়াৱহ বিস্ফোৰণৰ ঘটনা ঘটে৷ মুহূৰ্ততে মাটিত বাগৰি পৰে বহুসংখ্যক লোক৷
ছিৰিয়াৰ গৃহবিভাগে জনাইছে যে আক্ৰমণ চলাইছে ISIS সংগঠনৰ সৈতে যুক্তসকলেই৷ প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে আক্ৰমণকাৰীৰ সৈতে আৰু দুজন ব্যক্তি আছিল, এই দুজন ব্যক্তি পলাই গৈছে৷ ছিৰিয়াত দীৰ্ঘদিন ধৰি এই ধৰণৰ আত্মঘাতী আক্ৰমণৰ ঘটনা ঘটি আছে৷ বিশেষজ্ঞসকলৰ মতে এই আক্ৰমণ এনে এক সময়ত ঘটিছে যি সময়ত চৰকাৰে সাম্প্ৰদায়িক ঐক্য নিৰ্মাণৰ বাবে কাম কৰি আছে৷ ছিৰিয়াৰ তথ্য মন্ত্ৰী হামজা মুস্তাফাই এক্স হেণ্ডেলত এই আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছে৷ এই আক্ৰমণক কাপুৰুষোচিত সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলিও উল্লেখ কৰিছে৷ তেওঁ লিখিছে, ‘এই আক্ৰমণ আমাৰ সাম্প্ৰদায়িক সহাবস্থানৰ আদৰ্শৰ বিৰোধী৷ চৰকাৰে চৰমপন্থীসকলৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই যাব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ