হানিমুন মাৰ্ডাৰ কেছৰ নতুন নতুন ৰহস্য উদঘাটন৷ মেঘালয়ত আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে শনি আৰু দেওবাৰে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তথ্যপ্ৰমাণ লুকুওৱাৰ অভিযোগত অইন দুই ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে৷ এই গোচৰত বৰ্তমান পৰ্যন্ত ৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে৷ নতুন দুই ধৃতৰ নাম ছিলম জেমছ আৰু বলবীৰ আহিৰৱাৰ৷ ছিলোম পেছাত এজন প্ৰপাৰ্টি ডিলাৰ আৰু বলবীৰ ছিকিউৰিটি গাৰ্ড৷
তদন্তকাৰীয়ে জনাইছে যে স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ পাছত ২৩ মেত ইন্দোৰত এটা ফ্লেট ভাড়াত লৈছিল সোনমে৷ আৰু সেই কামত তেওঁক সহায় কৰিছে ছিলোমে৷ ৰাজাক হত্যাৰ পাছত ভাড়া লোৱা সেই ফ্লেটতেই আছিল সোনম৷ তাতেই তেওঁৰ গহনা আৰু অন্যান্য সামগ্ৰীও থৈছিল৷ আৰু সোনমে যি ফ্লেটত ৰাজাৰ মৃত্যুৰ পাছত থাকিছিল তাতেই ছিকিউৰিটি গাৰ্ড হিচাপে আছিল বলবীৰ৷ তেওঁকো দেওবাৰে মধ্যপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে৷ তদন্তকাৰীয়ে জনাইছে যে একা বক্সত সোনমে হত্যাৰ সমস্ত তথ্য লুকুৱাই ৰাখিছিল৷ ছিলোমৰ সহায়ততেই সেয়া জ্বলাই দিয়া হৈছিল বুলি সন্দেহ তদন্তকাৰী দলৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ