ভয়াৱহ দুৰ্ঘটনাৰ পাছতো বিপত্তি শেষ হোৱা নাই এয়াৰ ইণ্ডিয়াৰ বিমানত৷ বাৰ্মিংহামৰ পৰা দিল্লীগামী এয়াৰ ইণ্ডিয়াৰ এখন বিমান মাজ আকাশৰ পৰাই হঠাৎ দিশ সলনি কৰি ৰিয়াদত উপস্থিত হৈছে৷ বোমা আক্ৰমণৰ ধমকিৰ বাবেই এই সিদ্ধান্ত বুলি জনাইছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই৷ AI114 ফ্লাইটৰ সকলো যাত্ৰী নিৰাপদে আছে বুলিও বিবৃত্তিত নিশ্চিত কৰিছে এয়াৰলাইন্সে৷
সৰ্বভাৰতীয় সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি ৰিয়াদ বিমানবন্দৰত বিমানখনে দ্ৰুত অৱতৰণ কৰে৷ নিৰাপত্তা সংস্থাসমূহে বিমানখনত পূৰ্ণ তালাচিও চলায়৷ এই তালাচিত কোনো ধৰণৰ বিস্ফোৰক পদাৰ্থ উদ্ধাৰ হোৱা নাই৷ যাত্ৰীসকলক ইতিমধ্যে হোটেলত থকাৰ ব্যৱস্থাও কৰি দিয়া হৈছে৷ বিমান সমস্থাই তেওঁলোকৰ দিল্লী ভ্ৰমণৰ ব্যৱস্থাও ইতিমধ্যেই কৰিছে৷ জৰুৰী পৰিসেৱাৰ সুবিধাৰ বাবে ৰিয়াদক ডাইভাৰছন পয়েণ্ট হিচাপে বাচি লৈছিল এয়াৰ ইণ্ডিয়াৰ বিমানখনে৷ ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰত ৰিয়াদৰ পৰা দিল্লী উদ্দেশ্যে ফ্লাইটখন এৰিব বুলি জনোৱা হৈছিল বিমান কৰ্তৃপক্ষৰ পৰা৷ এইসমূহ ঘটনা ঘটি থকাৰ বাবেই বিমান চলাচল নিয়ন্ত্ৰক, অসামৰিক বিমান চলাচল অধিদপ্তৰে এয়াৰ ইণ্ডিয়াক কিছু পৰিসেৱা সাময়িকভাৱে হ্ৰাস কৰাৰ নিৰ্দেশ দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ