সনাতন ধৰ্মত শাওন মাহক সকলোতকৈ পবিত্ৰ বুলি ধাৰণা কৰা হয়৷ এই মাহটো ভগবান শিৱৰ উপাসনাৰ বাবে নিবেদিত৷ কোৱা হয় যে এই মাহত শিৱৰ ওচৰত যি প্ৰাৰ্থনা কৰে সেয়া অৱশ্যেই পূৰ্ণ হয়৷ এই কাৰণতেই এই মাহত অমৰনাথ যাত্ৰা, মণিমহেশ যাত্ৰা আৰু কৈলাস, মানস সৰোবৰ যাত্ৰাসহ বহু পবিত্ৰ তীৰ্থস্থানলৈ দৰ্শনাৰ্থীয়ে যাত্ৰা কৰে৷ এই সময়ত ভগৱান শিৱক সন্তুষ্ট কৰাৰ চেষ্টা বহুজনে কৰে৷ এইবাৰ শাওন মাহ ১১ জুলাই ২০২৫ৰ পৰা আৰম্ভ হৈ শেষ হ’ব ৯ আগষ্ট ২০২৫ত৷
জ্যোতিষশাস্ত্ৰ অনুসৰি যদি শাওন মাহত ভগৱান শিৱৰ সৈতে সম্পৰ্কিত এই ৪ টা বিশেষ সামগ্ৰী দেশে, তেন্তে এয়া অত্যন্ত শুভ বুলি বিবেচিত হয়৷ ইয়াৰ অৰ্থ হৈছে মহাদেৱৰ আশীৰ্বাদ সেই সময়ত তেওঁলোকৰ ওপৰত বৰ্ষিত হৈছে৷ ইয়াৰ জৰিয়তে অৰ্থ সম্পৰ্কিত সমস্যা দূৰ হয় আৰু ৰোগৰ পৰাও মুক্তি পায়৷ জানি থওক এই শুভ স্বপ্নসমূহ কি কি?
স্বপ্নশাস্ত্ৰ অনুসৰি, পবিত্ৰ শাওন মাহত সপোনত ত্ৰিশূল দেখা অত্যন্ত শুভ বুলি বিবেচিত হয়৷ ই তম, ৰজ আৰু সত্ত্ব এই তিনিটা গুণৰ প্ৰতীক৷ কোৱা হয় যে, সপোনত ত্ৰিশূল দেখাৰ অৰ্থ হৈছে কাম, ক্ৰোধ আৰু লোভৰ দৰে পাপৰ অৱসান হব পাৰে৷ এই পাপৰ অৱসানত জীৱনত সুখ আৰু শান্তি লৈ আহে৷
নন্দী ষাঁড়ক ভগৱান শিৱৰ বাহন হিচাপে বিবেচনা কৰা হয়৷ বাহন হোৱাৰ ওপৰিও তেওঁ ভোলেনাথৰ এজন ডাঙৰ ভক্তও৷ সেই কাৰণেই কোনো শিৱমন্দিৰেই নন্দীবিহীন নহয়৷ যদি সপোনত নন্দীক দেখে তেন্তে ইয়াৰ অৰ্থ হৈছে ভগৱান শিৱই আপোনাৰ ওপৰত সুখী হৈছে আৰু ভাগ্যত শুভ পৰিবৰ্তন আহিব পাৰে৷
ডম্বৰুক ভগবান শিৱৰ প্ৰিয় বাদ্যযন্ত্ৰ হিচাপে বিবেচনা কৰা হয়৷ যেতিয়া তেওঁ সুখী হয় তেতিয়া তেওঁ ডম্বৰু বজায় আৰু আনন্দ প্ৰকাশ কৰে৷ যদি আপুনি সপোনত ডম্বৰু দেখা পায় তেন্তে ইয়াৰ অৰ্থ হৈছে আপোনাৰ জীৱনলৈ এতিয়া সুখৰ আগমন হৈছে৷ ই আপোনাৰ জীৱনত চলি থকা সমস্যাৰ অৱসান হোৱাৰ ইংগিত৷
স্বপ্ন শাস্ত্ৰ অনুসৰি যদি কোনো ব্যক্তিয়ে ঘুমন্ত অৱস্থাত সপোনত শিৱলিংগ দেখে তেন্তে সেই ব্যক্তিৰ ভাগ্য এতিয়া উজ্জ্বল হব পাৰে৷ ৰৈ থকা কামত সাফল্য আৰু ঘৰত সম্পদ বৃদ্ধি পাব পাৰে৷ এই সপোনৰ আৰু এটা অৰ্থ হৈছে আধ্যাত্মিকতা আৰু ধৰ্মৰ প্ৰতি চেতনা জাগ্ৰত কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ