অসম লাইভ২৪ঃ শনিবাৰে নিশা দুৰ্ঘটনাত পতিত হৈছে অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱা৷ দ্ৰুতগতিত অহা এখন অল্ট বাহনৰ সৈতে হোৱা সংঘৰ্ষত এই ঘটনা সংঘটিত হৈছে বুলি জনাইছে হৰষাৰ লগতে আনটো পক্ষইয়ো৷
সাপেখাটীৰ পৰা যোৰহাট অভিমুখে গৈ থকাৰ পথতেই সংঘটিত হৈছে এই দুৰ্ঘটনা৷ শেহতীয়া অল্ট বাহনত থকা যাত্ৰীয়ে অভিযোগ আনিছিল যে বিপৰীত দিশলৈ আহি বৰষাৰ গাড়ীয়ে অল্টখনত খুন্দা মাৰিছে৷ বৰষাৰ টাটা হেৰিয়াৰ গাড়ীৰ খুন্দাত বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে অল্ট বাহনখন৷
বৰষাই দুৰ্ঘটনাৰ পাছতেই স্বামীৰে সৈতে সেই স্থানৰ পৰা পলায়ন কৰা বুলিও অভিযোগ আনে অল্ট বাহনত থকা যাত্ৰীকেইজনে৷ অৱশ্যে এই অভিযোগ নস্যাত কৰিছে অভিনেত্ৰী বৰষাৰাণী বিষয়াই৷ তেওঁ সংবাদমাধ্যমক দিয়া মন্তব্যত কয়, জানি বুজি কৰিলেনো ইয়াক দুৰ্ঘটনা বুলি কিয় কোৱা হয়৷ এয়া আমি জানিবুজি কৰা নাই৷ হঠাতেই কিবা এটা ঘটনা ঘটি গ’ল৷ আমি দুই পক্ষই এই সমগ্ৰ কথা মিলামিছা কৰিছো৷ এতিয়া সকলো ঠিকেই আছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ