অসম লাইভ২৪ঃ বাস্তুশাস্ত্ৰমতে দেৱী সৰস্বতীৰ বিশেষ এক প্ৰতিমাকহে শুভ বুলি ধৰা হয়৷ বাস্তুশাস্ত্ৰত কোনদিশে দেৱীৰ প্ৰতিমা থ’লে ভাল সেই কথাও উল্লেখ আছে৷ দিশৰ ওপৰতেই ভাগ্য ভাল হ’বনে বেয়া হ’ব সেয়া নিৰ্ভৰ কৰে৷
বাস্তুশাস্ত্ৰত থকা অনুযায়ী দেৱী সৰস্বতীৰ পদ্মাশোভিত মূৰ্তি শুভ৷ পূৰ্বদিশত ৰাখি সৰস্বতীৰ পূজা অৰ্চনা কৰিব লাগে বুলিও শাস্ত্ৰত উল্লেখ আছে৷ মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত সৰস্বতী পূজা পতা হয়৷ এই পূজাত ফুল, ফলকে ধৰি কেইবাবিধো দ্ৰব্য খুবেই জৰুৰী৷
২০২৩ চনত সৰস্বতী পূজা অনুষ্ঠিত হ’ব ২৬ জানুৱাৰীত৷ এইবাৰ সৰস্বতী পূজাৰ তিথিৰ সময় আছে ৫ঘণ্টা৷ এই ৫ ঘণ্টাৰ মাজতেই দিয়া হ’ব অঞ্জলী৷ সৰস্বতীৰ মূৰ্তিত ময়ূৰৰ পাখি ৰখাটোও শুভ৷ এইদৰে ময়ূৰৰ পাখি থ’লে ঘৰত সুখ শান্তিয়ে বিৰাজ কৰে বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে৷ বসন্ত পঞ্চমীৰ দিনা ঘৰৰ উত্তৰ দিশত ঝাও গছ ৰখাটোও শুভ৷ এইদৰে ঝাও গছ থ’লে গৃহত সদায় আনন্দৰ পৰিবেশে বিৰাজ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ