অসম লাইভ২৪ঃ ঘটনাটো ভাৰতৰেই৷ ব্যক্তিজনৰ দুগৰাকী পত্নী৷ কোন পত্নীক কিমান সময় দিব সদায়ো পাজোল হয় ব্যক্তিগৰাকীৰ৷ অৱশেষত দুই পত্নীয়ে বুজাপৰাৰ মাজেৰে ল’লে বিশেষ সিদ্ধান্ত৷ সপ্তাহত তিনিদিনকৈ এগৰাকীৰ সৈতে কটাব লাগিব স্বামীয়ে৷
ঘটনাৰ স্থান মুৰাদাবাদ৷ দুই পত্নীৰ সৈতে হোৱা বিবাদ ইমানেই তীব্ৰ হৈছিল যে অৱশেষত আৰক্ষীৰ কাষ চাপিছিল ব্যক্তিগৰাকী৷ স্বামীয়ে আৰক্ষীৰ কাষ চপাৰ লগে লগেই দুই পত্নীয়েও নাৰী সুৰক্ষা কেন্দ্ৰৰ কাষ চাপে৷ নাৰী সুৰক্ষা কেন্দ্ৰ আৰু আৰক্ষীয়ে অৱশেষত দুই পত্নীৰ ৰায় শুনিব বিচৰাত দুগৰাকী পত্নীয়ে স্বামীক ভগাই লোৱাৰ কথা কয়৷
আৰক্ষীয়েও বিষয়টোত সন্মতি প্ৰদান কৰিছে৷ প্ৰথমা পত্নীৰ সৈতে সোমবাৰৰ পৰা বুধবাৰলৈ থাকিব স্বামীয়ে৷ দ্বিতীয়া পত্নীৰ সৈতে বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ কটাব লাগিব সময়৷ আনহাতে সপ্তাহৰ এটা দিন স্বামীয়ে নিজৰ ইচ্ছানুসৰি কাৰ সৈতে থাকিব সেই সিদ্ধান্ত নিজে ল’ব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















