মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত পালিত হয় সৰস্বতী পূজা৷ এই দিনটো বসন্ত পঞ্চমী বা শ্ৰী পঞ্চমী নামেৰেও পৰিচিত৷ ২৩ জানুৱাৰীত সৰস্বতী পূজাৰ দিনা থাকিব পাঁচ ৰাজযোগৰ অত্যন্ত শুভ প্ৰভাৱ৷ এই সময়ত চাৰিটা গ্ৰহই একেলগে মকৰ ৰাশিত গোচৰ কৰিছে৷ বুধ, শুক্ৰ, ৰবি আৰু মঙ্গল এই চাৰি গ্ৰহ মিলি গঠন কৰিছে পাঁচটাকৈ ৰাজযোগ৷ বুধ আৰু সূৰ্যৰ যুঁটিত গঠিত হৈছে বুধাদিত্য ৰাজযোগ৷ শুক্ৰ আৰু বুধে গঠন কৰিছে লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ মকৰ ৰাশিত মঙ্গলৰ অৱস্থানৰ ফলত গঠিত হৈছে ৰুচক ৰাজযোগ৷ শুক্ৰ আৰু সূৰ্য মিলি গঠন কৰিছে শুক্ৰাদিত্য ৰাজযোগ৷ আৰু চন্দ্ৰ আৰু বৃহস্পতি মিলি গঠন কৰিছে গজকেশৰী ৰাজযোগ৷ আৰু এই একেই দিনাই থাকিব শিৱ যোগ আৰু ৰবি যোগৰ প্ৰভাৱ৷ জানি থওক এইসমূহ শুভ যোগৰ প্ৰভাৱত বসন্ত পঞ্চমীতেই ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ৷ কৰ্কট ৰাশিৰ নৱম ঘৰত গঠিত হ’ব গজকেশৰী ৰাজযোগ৷ ইয়াৰ ফলত আপুনি সৌভাগ্যৰ আশীৰ্বাদ পাব৷ জ্ঞান আৰু বুদ্ধি বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ৷ কৰ্কট ৰাশিৰ ছাত্ৰছাত্ৰীসকলৰ বাবে আপোনাৰ এই সময় অত্যন্ত শুভ৷ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ সম্পত্তি লাভ কৰিব পাৰে৷ নিজৰ পৃথক পৰিচয় গঢ়ি তুলিব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ৷ কন্যা ৰাশিৰ পঞ্চম ঘৰত থাকিব বুধাদিত্য ৰাজযোগ৷ এই সময়ত আপোনাৰ মনত শান্তি থাকিব৷ মনৰ ওপৰত থকা চাপ কমিব৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ পাব পাৰে৷ সৃজনশীল কামৰ সৈতে যুক্তসকলে বিশেষ সাফল্য পাব৷ পূৰ্বে কৰা পৰিশ্ৰমৰ সুফল পাব৷
ধনু ৰাশি
ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি৷ ধনু ৰাশিৰ দ্বিতীয় ঘৰত থাকিব বুধাদিত্য, লক্ষ্মী নাৰায়ণ আৰু ৰুচক ৰাজযোগৰ প্ৰভাৱ৷ ইয়াৰ ফলত নানান দিশৰ পৰা উন্নতি কৰাৰ সুযোগ পাব এই ৰাশিৰ জাতকে৷ চকুত লগাৰ দৰে অৰ্থনৈতিক উন্নতি কৰিব পাৰিব৷ আপুনি নিজৰ ব্যক্তিত্বৰে অন্যৰ মন জয় কৰিব পাৰিব৷
মকৰ ৰাশি
মকৰ ৰাশিতেই গঠিত হৈছে লক্ষ্মী নাৰায়ণ ৰাজযোগ, বুধাদিত্য ৰাজযোগ আৰু ৰুচক ৰাজযোগ৷ এই সময়ত আপোনাৰ জ্ঞান বাঢ়িব আৰু প্ৰচুৰ সম্পদ লাভ কৰিব৷ যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকে সাফল্য পাব পাৰে৷ যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব খোজে তেওঁলোকৰ বাবেও এই সময় লাভজনক৷
মীন ৰাশি
মীন ৰাশিত বৃহস্পতিৰ সৈতে একে ঘৰত থাকি চন্দ্ৰই গঠন কৰিব গজকেশৰী ৰাজযোগ৷ ইয়াৰ ফলত সকলো দিশৰ পৰাই লাভৱান হব মীন ৰাশিৰ জাতক৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সহজেই সম্পূৰ্ণ কৰিব পাৰে৷ সম্পদ, সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷ নিজৰ যোগ্যতাক সঠিকভাৱে কামত লগালে সাফল্য পাবই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















