শাৰদীয় নৱৰাত্ৰিৰ দৰে চ’ত নৱৰাত্ৰিতো দেৱী দুৰ্গাৰ আৰাধনা কৰা হয়৷ শাৰদীয় নৱৰাত্ৰিত যেনেকৈ সকলোৱে দুৰ্গাপূজা কৰে তেনেকৈয়ে চ’ত নৱৰাত্ৰিত হয় বাসন্তী পূজা৷ বসন্তকালত এই দুৰ্গা পূজা হয় বাবে ইয়াক বাসন্তী পূজা বুলিও কোৱা হয়৷ বাসন্তী পুজাকেই বহুতে প্ৰকৃত দুৰ্গা পূজা বুলিও কয়৷
চ’ত নৱৰাত্ৰি ২০২৫ কেতিয়া?
চ’ত অমাবস্যাৰ পাছৰ দিনা অৰ্থাৎ চৈত্ৰ শুক্লা প্ৰতিপদৰ পৰা আৰম্ভ হয় চ’ত নৱৰাত্ৰি৷ এই বছৰ নৱৰাত্ৰি আৰম্ভ হব আগন্তুক ৩০ মাৰ্চৰ পৰা৷ সেই দিনাই স্থাপন কৰা হব ঘট৷ বাসন্তী পূজাৰ ষষ্ঠী পৰিছে আগন্তুক ৪এপ্ৰিলত৷ সপ্তমীৰ পৰা নৱমী পৰিছে ক্ৰমে ৫,৬ আৰু ৭এপ্ৰিলত৷ চ’ত নৱৰাত্ৰীৰ নৱমীতেই পালিত হয় ৰাম নৱমী৷ ধাৰণা কৰা হয় এই দিনটোত জন্ম হৈছিল ৰামচন্দ্ৰৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ